অসম

গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকলৰ উৎপাদন আৰু পুলি বিতৰণ শীৰ্ষক কৰ্মশালা

দুধনৈৰপৰা ভৱেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ:ভাৰত চৰকাৰৰ কৃষি কল্যাণ আঁচনিৰ অধীনত গুৱাহাটীস্থ নাৰিকল বিকাশ বোৰ্ডৰ উদ্যোগত আৰু দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰাঙ্গণত নাৰিকলৰ উৎপাদন আৰু পুলি বিতৰণ শীৰ্ষক এখনি কৰ্মশালা অনুস্থিত হৈ যায়। কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক ডঃ হীতু চৌধুৰী দেৱে আঁত ধৰা কৰ্মশালাত অসম নাৰিকল বিকাশ বোৰ্ডৰ সঞ্চালক লাংহাৰ ওৱেদ উপস্থিত থাকি তেওঁৰ ভাষণত কয় যে অসমৰ নাৰিকল খেতিৰ বাবে উপযোগী ঠাই। ইয়াত নাৰিকলৰ যথেষ্ট চাহিদা আছে। অসমৰৰ সমাজ জীৱনত বিভিন্ন সময়ত নাৰিকলৰ ব্যবহাৰ কৰা হয়। নাাৰিকলৰ বিভিন্ন সামগ্ৰীৰে বহু সামগ্ৰীও তৈয়াৰ কৰিব পাৰি। সেয়েহে অসমৰ কৃষক সকলে ব্যবসায়িক ভিত্তিত নাৰিকলৰ খেতি কৰি কৰি লাভবান হ’ব পাৰে। আনহাতে নাৰিকল বোৰ্ডৰ সহকাৰী সঞ্চালক বিলিচাডান বাৰাই উন্নত মানৰ নাৰিকল খেতি কেনেকৈ কৰিব লাগে,নাৰিকল গছৰ কেনেকৈ পৰিচৰ্যা কৰিব লাগে,নাৰিকল গছৰ ৰোগ কেনেদৰে ৰোধ কৰিব লাগে ইত্যাদি বিষয়ৰ ওপৰত বিষদভাৱে বাখ্যা কৰে। লগতে কৃষকসকলক নাৰিকলৰ নাৰ্চাৰী স্থাপন কৰি ব’ৰ্ডৰ পৰা আগবঢ়োৱা অনুদান ল’বলৈও আহ্বান জনায়। নাৰিকলৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়েও বৰ্ডৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়াৰ কথা কৃষক সকলক অবগত কৰে। কৰ্মশালাত স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভা উপস্থিত থাকি কৃষক সকলক চৰকাৰী আঁচনি সমূহৰ বিষয়ে বহলায় কোৱাৰ লগতে কৃষি বিভাগৰ বিষয়া সকলক সদায়ে কৃষক সকলৰ লগত যোগাযোগ ৰাখিবলৈ আহ্বান জনায়। কৰ্মশালাত নাৰিকল বোৰ্ডৰ বিষয়াই কৃষক সকলক নাৰিকলৰ পুলি কেনেদৰে ৰুব লাগে আৰু কেনেধৰণৰ পুলি নিৰ্বাচন কৰিব লাগে সেই বিষয়েও বুজাই দিয়ে।বৰ্ডৰ বিষয়া ৰাজু ৰায়,কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ হৰিচৰণ কলিতা, কৃষি ৰোগ বিশেষজ্ঞ ডঃ উৎপল ভট্টাচাৰ্য,বিজ্ঞানী বিশ্বজিৎ দে ,বেঞ্জামীন কামান ,মৌচুমী ভূঞা,মীনাক্ষী বৰা কামান জিলা কৃষি বিষয়া বুধীন্দ্ৰ হাজৰিকা,আত্মাৰ বিষয়া দিলোৱাৰ হুছেইন উপস্থিত থাকে। কৰ্মশালাত উপস্থিত থকা পাঁচশ কৃষকক পাঁচ জোপাকৈ মুঠ আঢ়ৈহাজাৰ উন্নত মানৰ নাৰিকল পুলি বিতৰণ কৰাৰ উপৰিও আম,জলফাই,মধুৰিয়ামৰ পুলিও বিতৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close