অসম

চতিয়াত কৃতী ছাত্র ছাত্ৰীক সম্বৰ্ধনা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

প্ৰথম খবৰ,চতিয়া:অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এ এছ এছ পি’ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কালি চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমলা কাফলেৰ সভাপতিত্বত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত উপস্থিত থাকে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা নাজিৰ হুছেইন চৰকাৰ। তেখেতে কৃতী ছাত্ৰ- ছাত্ৰী সকলক উদ্দেশ্যি শৈক্ষিক জীৱনৰ কিছুমান পৰামৰ্শ দিয়াৰ উপৰিও,নিজৰ মন মগজুৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰো আহ্বান জনায়। উক্ত সভাত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ছাহাবুদ্দিন আহমেদ ডাঙৰীয়া,বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপদেষ্টা জৈনুদ্দিন আহমেদ,সভাপতি আহমদ আলী,কেন্দ্ৰীয় সম্পাদক আবুবক্কৰ ছিদ্দিক,আমিৰ হুছেইন,মতিউৰ ৰহমান,আমছুৰ কেন্দ্ৰীয় উপসভাপতি ছাইফুদ্দিন আহমেদ, সহকাৰী সম্পাদক কুদ্দুছ আলী চৰকাৰ, চতিয়া আঞ্চলিক আছুৰ উপদেষ্টা ত্ৰিদিব ভূঞাকে ধৰি চতিয়াৰ বিশিষ্ট শিক্ষাবিদ সকলে উপস্থিত থাকি সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আলোচনা আগবঢ়াই। জিলা সমিতিৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদ আৰু বাহাজুদ্দিন জাকাৰীয়াই আত ধৰা সম্বৰ্ধনা সভাখনত বিশ্বনাথ আৰু চতিয়াৰ বিভিন্ন অঞ্চলৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীক মান পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close