অসম

জটিল ৰোগত আক্ৰান্ত মাৰ্ঘেৰিটাৰ ৬ বছৰীয়া শিশু,সহায়ৰ আহ্বান মাতৃৰ

প্ৰথম খবৰ,পেঙেৰী: পখিলা খেদি খেল ধেমালি কৰাৰ বয়সত জটিল ৰোগত আক্ৰান্ত হৈছে মাৰ্ঘেৰিটাৰ এজনী কনমাণি কিশোৰী ৷ নাম কাব্যশ্ৰী বৰুৱা। জীৱনৰ কেৱল ৬ টা বছৰ অতিক্ৰম কৰিয়েই আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত মাচিগাঁও নিবাসী কাব্যশ্ৰী বৰুৱাৰ মাতৃ বিনু ভূঞা পেক্ষাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়েত্ৰী৷ পিতৃ নিবনুৱা৷ লিভাৰৰ জটিল অসুখত আক্ৰান্ত হৈ কাব্যশ্ৰীয়ে এতিয়া গুৱাহাটীৰ প্ৰতীক্ষা হাস্পাতালত পাৰ কৰিছে জীৱনৰ আটাইতকৈ জটিল সময়৷ কাব্যশ্ৰীৰ মাতৃ বিনু ভূঞাই জানিবলৈ দিয়া মতে,যোৱা কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা কাব্যশ্ৰীক ১৩ জুনত ডিগবৈৰ এজন চিকিৎসকৰ ওচৰত চিকিৎসা কৰিবলৈ আহোতে লিভাৰ আক্ৰান্ত হোৱাৰ কথা ধৰা পৰে৷ ইয়াৰ পিছতে ডিব্ৰুগড়স্থিত সৃষ্টি হাস্পাতালত ১৫ জুনত কাব্যশ্ৰীক ভৰ্টি কৰোৱা হয়৷ ১ জুলাই পৰ্যন্ত চিকিৎসালয়খনত চিকিৎসা কৰিও কাব্যশ্ৰীৰ আৰোগ্য নোহোৱাত গুৱাহাটীৰ প্ৰতিক্ষা হস্পিতাললৈ স্থানান্তৰ কৰা হয়৷ কিন্তু ইয়াৰ পিছতো কাব্যশ্ৰীৰ আৰোগ্য নহ’ল৷ আনহাতে কন্যাৰ চিকিৎসাৰ নামত তেনেই সিমিত দৰমহাৰে যেনে তেনে পৰিয়াল পোহ পাল দিয়া মাতৃৰ সমস্ত ধন ব্যয় হয়৷ শেষত চিকিৎসকে কাব্যশ্ৰীৰ লিভাৰ স্থানান্তৰ কৰিব লাগিব বুলি জানিবলৈ দি ইয়াৰ বাবে চেন্নাইৰ ভেলৰ নতুবা হাইদৰাবাদলৈ যাব লাগিব বুলি কোৱাত এতিয়া মূৰে কপালে হাত দিছে পিতৃ মাতৃয়ে৷ অনাকাংক্ষিত দুঃস্বপ্নময় ভবিষ্যতৰ দিশলৈ গতি কৰা কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ এতিয়া সুহৃদয় লোকৰ ওচৰত সহায় আৰু দিহা পৰামৰ্শ বিচাৰিছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে। এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বিচৰা হৃদয়বান লোকসকলে কাব্যশ্ৰীৰ মাতৃ বিনু ভূঞাৰ ইউনাইটেড বেংক মাৰ্ঘেৰিটা শাখাৰ একাউণ্ট নং 0018010164894
(IFSC কড- UTBI0MGT340) ত অৰ্থ সাহাৰ্য্য আগবঢ়াব পাৰিব নতুৱা 9365027749 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close