অসম

টিৰাপগেটত প্ৰধান মন্ত্ৰী মোডীৰ জীৱিকা অভিযান মিছনৰ পোনপটীয়া সম্প্ৰচাৰ

প্ৰথম খবৰ,জাগুন:তিনিচুকীয়া জিলাৰ লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত টিৰাপগেট তিনিআলিৰ অগ্ৰণী গেংৱে
(ই-গভৰ্নমেন্ট কম্পিউটাৰ চাৰ্প’ৰটেড চাৰ্ভিছ) অৰ্থাৎ টিৰাপগেট চি. এছ. চি. (কমন চাৰ্ভিচ চেন্টাৰ)ত  অনুস্থিত হয় ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডাইৰেক্ট সংবাদৰ এক কাৰ্যসূচী। এই অনুস্থানটোৰ জৰিয়তে অঞ্চলটোৰ হাছাক,জাগুন,টিপং, লেখাপানী,উদয়পুৰ,টিৰাপগেটৰ প্ৰায় শতাধিক মহিলাই দূৰদৰ্শন আৰু ইণ্টাৰনেটৰ সহায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পোনপটীয়া ভাষন সম্প্ৰচাৰ প্ৰত্যক্ষ কৰি সহযোগীতা আগৱঢ়ায়। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত টিৰাপগেট চি. এছ. চি. টোৰ স্বত্বাধিকাৰী গকুল শৰ্ম্মায়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচী কালি পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ লৈকে অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা ডেভল’পমেণ্ট ব্লকৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ ব্লক মেনেজমেণ্ট ইউনিট, চি. এচ. চি. ৰ তিনিচুকীয়া জিলাৰ ডি. এম. নিলোৎপল শৰ্ম্মা, জীৱিকা অভিযান সক্ষী গীতা প্ৰধান,টিৰাপগেট চি. এচ. চিৰ. সহযোগী ৰবিন শৰ্ম্মা,নিৰজ শ্বাহৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। দীনদয়াল অন্তোতদয়া ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা,গ্ৰামীণ যোজনাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান কাৰ্যসূচীৰ অধীনত দেশৰ প্ৰধান মন্ত্ৰীয়ে ভিডিঅ’ কন্ফাৰেন্সৰ মাধ্যমেৰে উপস্থিত হিতাধিকাৰী তথা ৰাইজৰ লগত মত বিনিময় কৰে। উল্লেখ্য যে এই কাৰ্যসূচী সমগ্ৰ দেশতে ৰূপায়ন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close