অসমশীৰ্ষ

টিৰাপগেটত প্ৰধান মন্ত্ৰী মোডীৰ জীৱিকা অভিযান মিছনৰ পোনপটীয়া সম্প্ৰচাৰ

প্ৰথম খবৰ, জাগুন: তিনিচুকীয়া জিলাৰ লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত টিৰাপগেট তিনিআলিৰ অগ্ৰণী গেংৱে
(ই-গভৰ্নমেন্ট কম্পিউটাৰ চাৰ্প’ৰটেড চাৰ্ভিছ) অৰ্থাত টিৰাপগেট চি. এছ. চি. (কমন চাৰ্ভিচ চেন্টাৰ) ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডাইৰেক্ট সংবাদৰ এক কাৰ্যসূচী| এই অনুষ্ঠানটোৰ জৰিয়তে অঞ্চলটোৰ হাছাক, জাগুন, টিপং, লেখাপানী, উদয়পুৰ, টিৰাপগেটৰ প্ৰায় শতাধিক মহিলাই দূৰদৰ্শন আৰু ইন্টাৰনেটৰ সহায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পোনপটীয়া ভাষন সম্প্ৰচাৰ প্ৰত্যক্ষ কৰাত সহযোগীতা আগৱঢ়ায়| কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত টিৰাপগেট চি. এছ. চিৰ স্বত্বাধিকাৰী গকুল শৰ্মায়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচী বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ লৈকে অনুষ্ঠিত হৈছিল| উল্লেখ্য যে মাৰ্ঘেৰিটা ডেভল’পমেন্ট ব্লকৰ ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা অভিযানৰ ব্লক মেনেজমেন্ট ইউনিট, চি. এচ. চি. ৰ তিনিচুকীয়া জিলাৰ ডি. এম. নিলোতপল শৰ্ম্মা, জীৱিকা অভিযান সক্ষী গীতা প্ৰধান, টিৰাপগেট চি. এচ. চিৰ. সহযোগী ৰবিন শৰ্ম্মা আৰু নিৰজ শ্বাহৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় আৰু দীনদয়াল অন্তোতদয়া ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা অভিযান, দীনদয়াল উপাধ্যায় গ্ৰামীন কৌশল বিকাশ যোজনা, গ্ৰামীন যোজনাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাৰ্যসূচীৰ অধীনত দেশৰ প্ৰধান মন্ত্ৰীয়ে ভিডিঅ’ কন্ফাৰেন্সৰ মাধ্যমেৰে উপস্থিত হিতাধিকাৰী তথা ৰাইজৰ লগত মত বিনিময় কৰে।

Related Articles

Leave a Reply

Close