অসমশীৰ্ষ

ঢকুৱাখনাৰ ঘিলামৰাত বানে উটুৱাই নিলে ৫ লাখ টকীয়া বাঁহৰ দলং

ঢকুৱাখনাৰ পৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ বামচাপৰিত কেইদিনমান পূৰ্বে চাৰিকড়িয়া নদীৰ বানে ১৭ লাখ টকীয়া এখন দলং উটুৱাই নিয়াৰ পিছত ৭ জুলাইৰ নিশা চাৰিকড়িয়াৰ বানে উটুৱাই নিয়ে পুঠিমাৰী-জীয়ামৰীয়া, পুৰণি কপৌহুৱা-ন-কপৌহুৱা, হাৰ্হি-দক্ষিণ চাপৰি সংযোগী পথত থকা ৩ খনকৈ বাঁহ-কাঠেৰে নিৰ্মিত লাখ টকীয়া দলং৷ ইফালে ঘিলামৰাৰ দেউলীয়া পঞ্চায়তৰ বালিপুখুৰী-তামুলী সংযোগী পথৰ ৫ লাখ টকীয়া দলংখনো ৮ জুলাইত বানে উটুৱাই নিয়ে। উল্লেখ্য যে যোৱা বছৰ প্ৰায় ৫ লাখ টকা ব্যয়ৰে এখন কাঠৰ দলং নিৰ্মান কৰা হৈছিল বালিপুখুৰীত। কিন্তু ঠিকাদাৰ উত্তম দত্ত আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ অভিযন্তাই ৫ লাখ টকীয়া দলংখনত প্ৰায় ২.৫০ টকা খৰচ কৰি অতি নিম্ন মানৰ দলং নিৰ্মাণ কৰি বাকী ২.৫০ লাখ টকা আত্মসাৎ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে আৰু ফলত এইবছৰৰ দ্বিতীয়টো বানৰ বাঢ়নী পানীয়ে এই দলংখন উটুৱাই নিয়ে আৰু যাৰ বাবে বালিপুখুৰী অঞ্চলৰ বৰ্তমান ৫ খনকৈ গাঁওৰ ৰাইজৰ মাজত যাতায়ত ব্যবস্থা ব্যাহত হৈ থাকিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close