অসমশীৰ্ষ

ঢকুৱাখনাৰ ঘিলামৰাত বানৰ কবলত বহু গাঁও

প্ৰথম খবৰ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ বিভিন্ন এলেকা এতিয়া বানৰ কবলত৷ চামপৰা, জীয়াঢল আৰু কমতীয়া নৈৰ বানে আজি পুৱাৰ ভাগত উটুৱাই নিয়ে ঢকুৱাখনাৰ চামপৰা-দক্ষিণ-বাংক্লেং সংযোগী গড়কাপ্তানী পথৰ ২ খনকৈ বাঁহৰ দলং। ফলত উক্ত অঞ্চলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে জলবন্দী হৈ পৰে কেচেৰুগুৰিকে আদি কৰি ৪ খনকৈ গাঁৱৰ ৰাইজ। ইফালে বৰদৈবাম অঞ্চলতো বানে বুৰাই পেলায় বহু গাঁও। কিন্তু ঢকুৱাখনা অঞ্চলৰ বহু গাঁও বানৰ কবলত পৰাৰ পিছতো প্ৰশাসনে এতিয়াও প্ৰদৰ্শন কৰা নাই কোনো তৎপৰতা৷

Related Articles

Leave a Reply

Close