অসম

ঢকুৱাখনাৰ বৰদৈবাম-চকলাগুৰি পথ কাটি দিলে দুষ্টলোকে

বানত ডুবিল ৪ খনকৈ গাওঁ, ৰাইজৰ হাহাকাৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ:ঢকুৱাখনাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ বৰদৈ শিৱ মন্দিৰৰ পৰা চকলাগুৰি গাঁৱলৈ যোৱা পথটো এঠাইত এজন দুষ্টলোকে কাটি দিয়াত যোৱা নিশাৰে পৰা চকলাগুৰি পশ্চিমাংশ,ত্ৰিশূল,গহৰাগুৰি,আৰু ন-পাম এই ৪খন গাৱঁৰ সহস্ৰাধিক পৰিয়াল ভয়ংকৰ বানৰ কবলত পৰিল।

উল্লেখযোগ্য যে যোৱা বছৰ নতুনৈ নিৰ্মাণ কৰা পথটো চকলাগুৰিৰে ৰাতুল তামুলী ওৰফে দদৌৱে কালি সন্ধিয়া কাটি দিয়াৰ ফলত পূৰ্বে বানপানী নোহোৱা উল্লেখিত ৪ খন গাঁৱত হঠাতে অহা বানত বহু পৰিয়ালৰ বিস্তৰ ক্ষতি হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰিছে।
পথৰ কটা অংশৰে সোমোৱা বানৰ ফলত এতিয়াও চকলাগুৰিৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ থকাৰ লগতে কিছুমান পৰিয়াল জলবন্দী হৈ আছে।
পথ কাটি ৪ খনকৈ গাঁৱৰ ৰাইজক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৰা অভিযুক্ত ৰখতুল তামুলীৰ বিৰুদ্ধে প্ৰসাশনে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close