অসমশীৰ্ষ

তিতাবৰত মহিলাৰ আত্মহনন ঘটনাৰ নতুন মোৰ:চুইছাইড নোটে সৃষ্টি কৰিছে ৰহস্যৰ

তিতাবৰৰপৰা চিত্তকমল বেজবৰুৱা,প্ৰথম খবৰ:তিতাবৰৰ গ্ৰীণফিল্ড একাডেমীৰ সমীপৰ এটা ভাড়া ঘৰত পিংকী ৰয় নামৰ মহিলা গৰাকীয়ে চুইচাইড নোট লিখি মঙ্গলবাৰে নিশা আত্মহনন পথ বাছি লোৱা ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ লগতে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। ৰে’লৱে বিভাগত চৌকিটিংত কৰ্মৰত দিলীপ কুমাৰ ৰয় নামৰ লোকজনৰ পত্নী পিংকী ৰয়ে পাঁচ বছৰীয়া কন্যাৰ লগত তিতাবৰৰ গ্ৰীণ্ডফিল্ড একাডেমী সমীপৰ এটা ভাড়াঘৰত থকাৰ সময়ছোৱাতে হঠাৎ মঙ্গলবাৰে নিশা আত্মহনন কৰাৰ পাছত আৰক্ষীয়ে মৃতদেহৰ লগতে উদ্ধাৰ কৰা চুইচাইড নোটখনে সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ। মই একমাত্ৰ দিলীপ কুমাৰ ৰয়ৰ বাবেই আত্মহত্যাৰ পথ বাছি লৈছোঁ,তেওঁ মোক কৈছিল,যে মই নিজেই আত্মহত্যা কৰিবলৈ বাধ্য হম,মোৰ কথা বিশ্বাস কৰক,বিপুল আৰু মোৰ মাজত কোনো বেয়া সম্পৰ্ক নাই,কিন্তু মানুহে মোক জীয়াই থাকিবলৈ নিদিলে বুলি উল্লেখ থকা চুইছাইড নোটখন আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতে সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ইফালে মৃতদেহৰ কাষত কেৱল চুইছাইড নোটেই নহয় উদ্ধাৰ কৰা হৈছিল এটা মদৰ বটল আৰু দুটাকৈ গিলাচ। যাৰ ফলত অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনা। অন্যহাতেদি চুইছাইড নোটত মৃত্যুৰ বাবে জগৰীয়া কৰা দিলীপ কুমাৰ ৰয় পিংকীৰ স্বামী যদিও নোটখনত উল্লেখিত বিপুল কোন তাক লৈ নানা প্ৰশ্নৰ অৱতাৰণা ঘটিছে। আৰক্ষীয়ে নিশাৰ ভাগত মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতে তিতাবৰ আৰক্ষী থানাত পুৱাতেই তিনিচুকীয়াৰ নিউ দেভলপমেণ্ট জ্যোতি নগৰৰপৰা আহি মৃত পিংকীৰ পিতৃ-মাতৃয়ে তিতাবৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে। যৌতুকৰ বাবেই মৃত্যু পিংকী ৰয়ক হত্যা কৰা হ’ল বুলি অভিযোগ উত্থাপিত গৈছে। অৰ্থাৎ আত্মহত্যা কৰিবলৈ বাধ্য কৰালে পিংকীৰ স্বামী দিলীপ কুমাৰ ৰয়ে। পিংকীক নিতৌ যৌতুক তথা বয় বস্তু বিচাৰি মাৰ-ধৰ কৰি অত্যাচাৰ কৰি আহিছিল স্বামী দিলীপে। যাৰ ফলত এটা বছৰ পূৰ্বেই পাঁচ বছৰীয়া কন্যাক তিতাবৰৰ গ্ৰীণ্ডফিল্ড একাডেমীত অধ্যয়ন কৰাই সমীপৰ ভাড়াঘৰত নিজা খৰছেৰে ৰাখিছিল পিতৃ মাতৃয়ে। আনকি পঞ্চম শ্ৰেণীত অধ্যয়নত পিংকীৰ প্ৰথম পুত্ৰক ককাক আইতাকে লৈ গৈছিল তিনিচুকীয়ালৈ। ইফালে স্বাৰ্মীৰ নিৰ্যাতনৰ বাবেই ইতিমধ্যেই এটা গোচৰ তিনিচুকীয়াৰ আদালতত চলি আছিল বুলি তিতাবৰত উপস্থিত হোৱা পিংকীৰ পিতৃ কৃষ্ণ দে’য়ে উল্লেখ কৰে। ঘটনাৰ সম্পৰ্কত উচিত তদন্ত বিচাৰিছে পিংকীৰ পিতৃ পৰিয়ালে।

ইফালে ঘটনাৰ সম্পৰ্কত প্ৰতিবেশীৰ ভাষ্যই দিছে নতুন মোৰ। সন্ধ্যা পৰত পিংকীৰ ভাড়াঘৰত উপস্থিত আছিল তিনিজনকৈ অচিনাক্ত পুৰুষ। তিনিজনকৈ অচিনাক্ত পুৰুষ কিয় আহিছিল পিংকিৰ ভাড়াঘৰলৈ সেয়া ৰহস্যজনক। পিংকীৰ মৃতদেহৰ কাষত মদৰ বটল আৰু দুটাকৈ গিলাচ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰাৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে এই তিনি অচিনাক্ত যুৱকে মদ্যপান কৰাৰ পাছতো হত্যা কৰি গ’ল নেকি পিংকী ৰয়ক? ইয়াৰে কোনোবা যুৱকৰ গোপন সম্পৰ্ক আছিল নিজেই পিংকীৰ! এই লৈও ৰহস্যৰ সৃষ্টি হৈছে। অন্যহাতেদি চুইচাইড নোটত উল্লেখিত বিপুল কোন সেইয়া এতিয়াও পোহৰলৈ অহা নাই যদিও এই তিনি যুৱকৰ মাজৰে এজন বিপুল আছিল নেকি এনেবোৰ ন ন প্ৰশ্নৰ অৱতাৰণা ঘটিছে। পিংকীৰ স্বামীৰ বৰ্তমানলৈ কোনো খবৰ পোৱা নাই আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱাৰ পাছতে তিতাবৰৰপৰা কিছু কিলোমিটাৰ দূৰত্বৰ চৌকিটিংত কৰ্মৰত স্বামী দিলীপ কুমাৰ ৰয়ক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে অভিযান। আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও মোবাইল ফোন অফ কৰি পলাতক অৱস্থাত আছে পিংকীৰ স্বামী দিলীপ কুমাৰ ৰয়। সম্প্ৰতি তিতাবৰত সংঘটিত এই ঘটনাই ন ন ৰহস্যৰ ঘনীভূত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close