Uncategorizedঅসমশীৰ্ষ

তেজপুৰত আমছুৰ অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক ‘ডি’ ভোটাৰ সজাই এন.আৰ.চি.ৰ পৰা নাম কৰ্তন কৰাৰ লগতে চৰম অমানৱীয় অত্যাচাৰ চলোৱাৰ তীব্ৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। অসম চৰকাৰ হায় হায়, বৰ্ডাৰ পুলিচ গ’বেক, বৰ্ডাৰ পুলিচৰ মইমতালি নচলিব, সৰ্বানন্দ সোণোৱাল গ’বেক, ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, আমছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে আজি উত্তাল কৰি তোলে তেজপুৰৰ প্ৰতিবাদস্থলী।

উল্লেখ্য যে সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাকৈ যধে-মধে প্ৰকৃত ভাৰতীয় নাগৰিকক জাননী দি থকাৰ উপৰিও তদন্ত অবিহনে নতুনকৈ বহু মানুহক ডি-ভোটাৰ সজোৱাৰ বাবে চক্ৰান্ত কৰি যি হাৰাশাস্তি কৰি আছে এনে হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ‘আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিৰ লগতে শোনিতপুৰ জিলা সমিতিৰ উদ্যোগতো আজি দিনৰ ১১ বজাত তেজপুৰ আদালত চাৰিআলিত ৰূপায়ণ কৰা হয় দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী।আমছুৰ উত্তৰ শোনিতপুৰ জিলা সমিতিৰ সভাপতি-সম্পাদকৰ নেতৃত্বত পালন কৰা এই কাৰ্য্যসূচীত জিলা উপাযুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close