অসম

তেজপুৰৰ এখন বিধস্ত দলঙে ১৮ বছৰ ধৰি অভুৱা ভাৰিছে ৰাইজক

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ:    সাংস্কৃতি নগৰি খ্যাত তেজপুৰ দোলাবাৰী অঞ্চলত থকা খনামুখৰ লগত সংযোগী এখন জৰাজিৰ্ণ কাঠৰ দলং। অসমৰ ইটোৰ পিছত সিটো সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে কিন্তু তেজপুৰ সমষ্টি উন্নয়নৰ  স্তব্ধ। জনপ্ৰতিনিধীৰ পৰা আৰম্ভ কৰি বিয়োগম বিষয়ালৈকে সকলো যেন ঘোৰ নিদ্ৰাত। তেজপুৰ সমষ্টি অতি ব্যস্ততাপূৰ্ণ পথ দোলাবাৰী পৰা খনামুখ সংযোগী দলংখন বিগত কেইবাবছৰ ধৰি অৱহেলিত হৈ আছে। দোলাবাৰি গাও পঞ্চায়তৰ কায্যালয়ৰ  পৰা এশ মিটাৰ নিলগত অৱস্থিত দলংখনৰ ক্ষেত্ৰত পঞ্চায়ৰ সচিব , বিষয়া আৰু সমষ্টিৰ বৰমূৰীয়াজনো নিমাত। দলংখনৰ মধ্যভাগত সৃষ্টি হৈছে একোটা বৃহৎ ফাঁক, কাঠবোৰ পচি জহি খহি যাবলৈ ধৰিছে। ৰাইজ বিপদত পৰিছে অতি বিপদ সংকুলভাবে দলং খন পাৰ হয় অঞ্চলটোৰ ৫খন গাওঁৰ ৰাইজ। তেজপুৰৰ স্থানীয় বিধায়কক এই ক্ষেত্ৰত ৰাইজে বহু অনুৰোধ কৰিছে যদিও তেখেত অচল মুদ্ৰাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। অনতিপলমে দলংখনৰ মেৰামতি নকৰিলে দলংখনৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হব পাৰে বুলি ৰাইজ শংকিত হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close