অসম

তেজপুৰৰ মাধৱ দেৱ কলা নিকেতনৰ শিশু নাট কৰ্মশালাৰ শিশু নাটকৰ শুভ মহুৰত

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ:তেজপুৰৰ ঐতিহ্য মণ্ডিত মিলনবাকৰি ৰাস মন্দিৰৰ উদ্যোগত জন্ম হোৱা মাধৱ দেৱ কলা নিকেতনৰ উদ্যোগত অনুষ্ঠিত হৈ থকা মাহজোৰা শিশু নাট কৰ্মশালাত আজি তেজপুৰৰ বিশিষ্ট নাট্যকাৰ দিজেন নাথ নাটক ফুল কোঁৱৰৰ শুভ মহুৰত কৰা হয়। বয়োজেষ্ঠ নাগৰিক যোগেশ্বৰ কলিতাই আনুষ্ঠানিকভাৱে শুভাৰাম্ভ কৰা অনুষ্ঠানত উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি কামেশ্বৰ দাস, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ সভাপতি গোলাপ বৰুৱা,সম্পাদক অপুৰ্ব বৰা,তেজপুৰৰ নাট্যকৰ্মী মৃগেন বৰা,দিগন্ত ভূঞা,জ্যোতি প্ৰসাদ বৰা উপস্থিত হৈ শিশু সকলক অনুপ্ৰাণিত কৰাৰ লগতে মাধৱদেৱ কলা নিকেটনৰ অভাৱ- অসুবিধাৰ ওপৰতো আলোচনা কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close