অসমশীৰ্ষ

দেওমৰনৈত কাৰাটে-ডু একাডেমি প্ৰশিক্ষণ কেন্দ্ৰৰ আৰম্ভণি

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ বৃহত্তৰ দেওমৰনৈ অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি আজি দেওমৰনৈত শুভাৰম্ভণি কৰা হয় কাৰাটে-ডু প্ৰশিক্ষণ কেন্দ্ৰৰ। দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই কাৰাটে-ডু প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰে ডু ‘ৰ ৰাষ্ট্ৰীয় ৰেফাৰী তীৰ্থ নাথ শৰ্মাই। শুভাৰম্ভণিৰ সময়ত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিৰাম শইকীয়া, দৰং জিলাৰ অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, দেওমৰনৈ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হেম বৰুৱা, শিক্ষক তথা ক্ৰীড়া সংগঠক প্ৰফুল্ল কুমাৰৰ লগতে বহু বিশিষ্ট ব্যক্তি। ডু প্ৰশিক্ষণ গ্ৰহন কৰিব বিচৰা ইচ্ছুক ছাত্ৰ- ছাত্ৰী সকলক ইয়াৰ উদ্যোক্তাবৃন্দই দেওমৰনৈৰ মৰনৈ কমিউনিকেছন অথবা ৯১০১৮৮১৭৩৮ আৰু ৮৪০২৮২৪৯১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close