অসমশীৰ্ষ

দৰঙত অনুষ্ঠিত অন্তিমখন মহিলা সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ১০ আত্মসহায়ক গোটক ২৫০০০ কৈ সাহাৰ্য প্ৰদান

প্ৰথম খবৰ, দেওমৰনৈ: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত অন্তিমখন মহিলা” সমাৰোহ শনিবাৰে দৰং জিলা প্ৰশাসনৰ উদ্যোগত ছিপাঝাৰ সমষ্টিৰ নাৰিকলি শিৱমন্দিৰ খেলপথাৰত অনুষ্ঠিত হয়৷ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অন্তিমখন “মহিলা সমাৰোহ” অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ এই সভাত অসম চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্রী নব কুমাৰ দলে, মন্ত্রী ভবেশ কলিতা আৰু মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ আটাইকেইগৰাকী বিধায়কো উপস্থিত থাকে। উল্লেখ্য যে কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত গঠন হোৱা মহিলা আত্ম সহায়ক গোট সমূহক লৈ মহিলাৰ সৰ্বাংগীন আৰ্থিক আৰু সামাজিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিয়ে শনিবাৰৰ এই মহিলা সমাৰোহখনৰ আয়োজন কৰা হয়৷ এতিয়া এই আঁচনিৰ অধীনত নতুনকৈ গঠন হোৱা প্ৰতিটো আত্ম সহায়ক গোটে ২৫ হাজাৰ টকাকৈ এককালীন সাহাৰ্য লাভ কৰাৰ লগতে প্ৰগতিশীল আত্ম সহায়ক গোট সমূহেও নগদ ১,০০০০০ টকাকৈ ঋণ আৰু ৰাজ সাহায্য লাভ কৰিব। যিবোৰ আত্ম সহায়ক গোটে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ অধীনত ১০০০০ টকাকৈ ঘূণীয়মান পুজি লাভ কৰিছিল সেই সকল আত্মসহায়ক গোটেও এই আচঁনিৰ জৰিয়তে ১০,০০০ টকাকৈ ঘূণীয় মান পুজি লাভ কৰিব। ইয়াৰ উপৰি নগদ সাহাৰ্য পোৱা আত্মসহায়ক গোট সমূহেও ৰাষ্ট্ৰীয়কৃত বেংকৰ জৰিয়তে ৫০,০০০ টকাৰ পৰা ৫,০০০০০ টকা পৰ্যন্ত সাহাৰ্য লাভ কৰিব। দৰঙৰ ছিপাঝাৰত অনুষ্ঠিত আজিৰ এই মহিলা সমাৰোহত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙ্গলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত ১০ টাকৈ আত্ম সহায়ক গোটক ২৫ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্রদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close