অসম

নদুৱাৰ সংগীত বিদ্যাপীঠৰ উদ্যোগত চতিয়াত গীতৰ কৰ্মশালা

প্ৰথম খবৰ,চতিয়া:চতিয়াৰ নদুৱাৰ সংগীত বিদ্যাপীঠৰ উদ্যোগত অহা ১০ জুলাইৰ পৰা ২০ জুলাই লৈ জ্যোতি সংগীত,বিষ্ণুৰাভা সংগীত আৰু গীত-মাত চৰ্চাৰে এক কৰ্মশালা আয়োজন কৰিছে৷ মহাপুৰুষ দুজনাৰ পাচতেই “সুন্দৰ আৰাধানা জীৱনৰ খেল” বুলি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই জাতিটোক উদ্ধাৰ কৰি গ’ল৷ লগতে উচ্চ স্তৰৰ সাহিত্য ৰচনাৰে অসমীয়া জাতিটোক তেওঁলোকে চহকী কৰি গ’ল৷ তাৰোপৰি আমাৰ চৌপাশে অহৰহ গুঞ্জৰিত হৈ থকা থলুৱা গীত মাতৰ কথাই সুকীয়া৷ কিন্তু আমি নিজৰ জাতিৰ অতি বৰ্ণাঢ্য, সমৃদ্ধিশালী সংস্কৃতিৰ গীত মাত,নৃত্য বাদ্য চৰ্চ্চা নকৰো বা নৱপ্ৰজন্মক কৰিবলৈ উৎসাহ নজন্মাও৷ সেয়েহে নতুন প্ৰজন্মক জ্যোতি সংগীত,বিষ্ণুৰাভা সংগীত আৰু থলুৱা গীত মাতৰ চৰ্চ্চা কৰি নিজ জাতিটোক আৰু সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যে নদুৱাৰ সংগীত বিদ্যাপীঠে এই গীতৰ কৰ্মশালা খনি অনুষ্ঠিত কৰাৰ কাৰ্যপন্হা হাতত লৈছে৷ দহ দিনীয়া এই কৰ্মশালা খনিত গীতৰ প্ৰশিক্ষণ প্ৰদান কৰিব ৰুণ বাঢ়ৈ,প্ৰফুল্ল বৰুৱা,নীলমনি সলাল,দীপা তামুলীকে ধৰি বিদ্যাপীঠৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close