অসমশীৰ্ষ

নবেম্বৰৰ পৰা আৰম্ভ হ’ব এইমছৰ কাম, ভূমিপূজন নহয় এইমছৰ ভূমিত-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিৰ জলাহত স্থাপন হ’বলগীয়া সৰ্বভাৰতীয় আয়ুৰ্বেদিক সংস্থান চমুকৈ এইমছৰ কাম আৰম্ভ হ’ব নবেম্বৰ মাহত। ভূমিপূজন নহয় এইমছৰ ভূমিত-এই কথা ব্যক্ত কৰিলে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এইমছৰ আৰম্ভণি তথা ভূমিপূজনক লৈ চাংসাৰিৰ জলাহত এইমছ নিৰ্মাণৰ সিদ্ধান্ত প্ৰায় নিশ্চিত হোৱাৰে পৰা ব্যাপক চৰ্চা হৈছিল যদিও আজিকোপতি ভূমিপূজন নোহোৱাকলৈ সমগ্ৰ অঞ্চলতে এক প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু চাংসাৰিত এইমছ নিৰ্মাণ কেতিয়াগৈ হব ইয়াক লৈ অঞ্চলটোৰ লোকসকলকে ধৰি সচেতন মহলৰ মাজত চিন্তাৰ উদ্ৰেক হৈছিল৷ কিন্তু মন্ত্ৰীগৰাকীয়ে উক্ত অৱস্থাৰ অৱসান ঘটাবৰ বাবে এইমছ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰাৰ লগে লগে কিছু পৰিমাণে দূৰ হ’ল ৰাইজৰ আশংকা৷ উল্লেখ্য যে ৮ জুলাই ৰবিবাৰৰ দিনা বিয়লিৰ ভাগত চাংসাৰিৰ ধোপাতাৰী শিলভড়াল হাইস্কুল প্ৰাঙ্গণত হজযাত্ৰীক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জালুকবাৰী সমষ্টিৰ ধোপাতাৰী, শৰাইঘাট আৰু ৰুদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১১ গৰাকী হজযাত্ৰীক সম্বৰ্ধনা জনাই তেখেত সকলক হজযাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু বৃহত্তৰ চাংসাৰিত উপস্থিত থকাৰ এই সময়তে এইমছৰ বিষয়ে উপৰোক্ত মন্তব্য প্ৰদান কৰিছিল মন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি ৮ জুলাইত তাত উপস্থিত হৈ উক্ত অঞ্চলত নিৰ্মাণৰত দূৰ্গা মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ অভাৱ-অভিযোগৰো বুজ লৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া ২০১৬ ৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপিৰ নেতা হিচাপে চাংসাৰিৰ বিজেপি কাৰ্য্যলয়লৈ নাহি প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজত ২ বছৰৰ পিছত অহা মন্ত্ৰীগৰাকীয়ে ৮ জুলাইত ৰাইজৰ মাজত অভাৱ অভিযোগৰ বুজ লবলৈ  অহাৰ দৰেই অনাগত দুই বছৰৰ পিছত সমাধানৰ প্ৰচেষ্টা কৰিব নে অতিশীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে ৰাইজৰ মাজত শংকাৰ বিষয় হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close