অসমশীৰ্ষ

নলবাৰীত অসম শিল্পী সন্থাৰ গছপুলি ৰোপণ

প্ৰথম খবৰ, নলবাৰী: অসম শিল্পী সন্থাৰ উদ্যোগত আৰু সামাজিক বনানীকৰণৰ নলবাৰী সংমণ্ডলৰ সহযোগত ৬৯ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি আজি নলবাৰীৰ পাগলদিয়া নৈৰ দুয়োপাৰে উন্মুক্ত ঠাইত বিভিন্ন ফলৰ গছৰ লগতে ঔষধি গছপুলি ৰোপণ কৰা হয়। উক্ত কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ আনন্দ খাটনিয়াৰে। এই অনুষ্ঠানত নলবাৰী সামাজিক বনানীকৰণ বন সংমণ্ডলৰ বিষয়া দিলীপ ডেকা, অসম শিল্পী সন্থাৰ বিষয়ববীয়া অমৰ কিৰণ, মনোজ বৰ্মন আৰু প্ৰাণজিৎ লোচন শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানৰ উদ্বোধন কৰি আনন্দ খাটনিয়াৰে প্ৰকৃতি ধবংসৰ ওপৰত বহু মূল্যৱাল কথা উল্লেখ কৰি কয় যে, কেৱল গছপুলি ৰোপণ কৰিলেই নহয়, গছপুলিটো কমেও প্ৰাপ্তবয়স্ক হোৱালৈ লালন-পালনও কৰিব লাগে। এডাল গছ কটাৰ পিছত তাক ৰোপণ কৰি প্ৰাপ্তবয়স্ক কৰিব নোৱাৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে গছ কাটিলে চিন্তা কৰিহে কাটিব লাগে। আজিৰ এই অনুষ্ঠানত খাটনিয়াৰে পাগলদিয়া নৈৰ দুয়োপাৰৰ উন্মুক্ত ঠাইত বন বিভাগে সেউজীকৰণ কৰাৰ পদক্ষেপ লোৱা বুলিও দোহাৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close