অসম

নলবাৰীত আৰক্ষীক গণ প্ৰহাৰ

প্ৰথম খবৰ,নলবাৰী: নলবাৰীত এজন আৰক্ষীৰ জোৱানক প্ৰহাৰ কৰাৰ ঘটনাত জড়িত এজন বৃদ্ধা পুৰোহিতক আৰক্ষীয়ে আজি গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা আটক কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৰেল পুলিচ ৰূপী বৃদ্ধ পুৰোহিত জনক জিলাখনৰ নন্দগাঁৱৰ পৰেশ শৰ্মা (৭০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লাভ কৰা গণ প্ৰহাৰৰ ভিডিঅ’ত এইগৰাকী বৃদ্ধই নিজৰ হাতত থকা ছাতিটোৰে আৰক্ষীৰ লোক জনক প্ৰহাৰ কৰাৰ দৃশ্য সকলোৰে মোবাইলত ভাইৰেল হৈ পৰিছিল। নলবাৰী চহৰৰ হাজো-নলবাৰী পথৰ জিলিঙনি চ’কত যোৱা ৭ জুনত এটা পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা এক উত্তপ্ত পৰিস্থিতিত উত্তেজিত ৰাইজে এজন আৰক্ষী কনিষ্টবলক গণপ্ৰহাৰ কৰিছিল। গণ প্ৰহাৰত ধাৰাশায়ী হৈ চিকিৎসাধীন হ’ব লগা আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰা ঘটনাৰ মূল  অভিযুক্ত ধ্ৰুৱৰঞ্জন মহন্তক অলপতে নলবাৰী আৰক্ষীয়ে বঙাইগাঁৱৰ বৈটামাৰীৰ পৰা আটক কৰিছিল। এই ঘটনাত জড়িত মুঠ ৯জন অপৰাধীক আটক কৰিছে নলবাৰী আৰক্ষীয়ে। বৰ্তমানেও আৰু বহু কেইজন লোক পলাতক হৈ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। নলবাৰী সদৰ থানাৰ ওচৰত সংঘটিত এটা পথ দুৰ্ঘটনাৰ ঘটনাত আইন হাতত তুলি লৈছিল একাংশ ৰাইজে৷ এই ঘটনাত কৰ্মৰত অসম আৰক্ষীৰ কনিষ্টবল জমছেৰ আলীক গুৰুলাগুৰুলকৈ কৰিছিল একাংশ মৰেল পুলিচে৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল অসহায় কনিষ্টবল জমচেৰক৷পিছত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ (৩৯৫/১৮) ৰুজু কৰাৰ লগতে সিদিনা নিশাই ঘটনাৰ লগত জৰিত ৭ জনকৈ অপৰাধীক গেপ্তাৰ কৰিছিল।

Related Articles

Leave a Reply

Close