অসম

নলবাৰীত বন বিভাগৰ অভিযান,৫ টা অবৈধ কাঠফলা মিল উৎখাত

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ বিভিন্ন প্ৰান্তত বহুসংখ্যক অবৈধ কাঠফলা কল চলি থকা অৱস্থাতে বন বিভাগে অভিযান চলাই যোৱা চাৰি দিনত পাঁচটা অবৈধ কাঠফলা মিল জব্দ কৰে। নলবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা চলোৱা এই অভিযানত নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অবৈধ কাঠফলা মিলবোৰ উৎখাত কৰা হয়। জব্দকৃত মিলসমূহ বৰ্তমান নলবাৰী ৰেঞ্জত ৰখা হৈছে। কালি জিলাখনৰ কালাগ আৰু বৰাজোলত ২ টা, পৰহি দোকোহা চুটীয়াপাৰা আৰু মূৰিকোণাত ২ টা মিল উৎখাত কৰা হয়।সেইদৰে যোৱা তিনি জুলাইত অমায়াপুৰত ১ টা, মুঠ ৫ টা মিল উৎখাত কৰে । অভিযানকাৰী দলে মিল চলোৱা জেনেৰেটৰ আৰু অন্যান্য সামগ্ৰীও জব্দ কৰে।

উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া চন্দন বৰাৰ তত্বাৱধানত আৰু নলবাৰীৰ বনাঞ্চলিক বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত ডেপুটি ৰেঞ্জাৰ বিজয় মুদিয়াৰৰ সহযোগত চলা এই অভিযান নলবাৰী জিলাত থকা প্ৰতিটো অবৈধ মিল উৎখাত নোহোৱালৈকে নিৰৱচ্ছিন্নভাবে চলি থাকিব বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close