অসম

নলবাৰীত শিশু নৱজাতকৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ ,নলবাৰী:নলবাৰীত পুনৰ মানৱতাক ভু লুণ্ঠিত কৰা শিহৰণকাৰী ঘটনা৷ নলবাৰীৰ ৰণাকুছিত আজি পথৰ দাঁতিত নৱজাতকৰ মৃত দেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য। অবৈধ প্ৰেমৰ কলংক ঢকাৰ কাৰণে এনে অমানবীয় কাণ্ড। গাঁৱখনৰ পথৰ দাঁতিত প্লাষ্টিকেৰে মেৰিয়াই থকা অৱস্থাত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ ৷ মৃত দেহৰ লগত থকা চিকিৎসালয়ৰ সামগ্ৰী উদ্ধাৰ হোৱাত কোনো নিষ্ঠুৰ হৃদয়ৰ মাতৃয়ে এনে অমানৱীয় কাণ্ড কৰাৰ সন্দেহ ৰাইজৰ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে নলবাৰী অসামৰিক চিকিৎসালয়ক প্ৰেৰণ কৰে৷ উল্লেখ্য যে উদ্ধাৰ হোৱা মৃত নৱজাতকটো জন্মৰ দুদিন পিচতে পাষাণ পিতৃ-মাতৃয়ে এনেকৈ পথৰ দাঁতিত পেলায় যোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰে।

Related Articles

Leave a Reply

Close