অসম

নলবাৰী জিলাৰ ধমধমাত “চৈংনৈ-The Unity ” গ্ৰুপৰ অভিনৱ পদক্ষেপ

প্ৰথম খবৰ, নলবাৰী :ধমধমাত সমাজ গঢ়াৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে “চেংনৈ-The Unity” গ্ৰুপে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থী সকলক উৎসাহ জনোৱাৰ লগতে পুনৰ যাতে তেঁওলোকে পৰীক্ষাত অবতীৰ্ণ হৈ সুন্দৰ ফলাফলেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’য় তাৰ বাবে “চেংনৈ-The Unity”গ্ৰুপে এমাহ যোৰা কাৰ্য্যসূচীৰে খগেন মহন্ত জুনিয়ৰ কলেজত বিনামুলীয়া পাঠদান কাৰ্য্যসূচী অনুস্থিত কৰিছিল,আৰু দেওবাৰে এই কাৰ্য্যসূচীৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত সমল ব্যাক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে জেষ্ঠ্য সাংবাদিক ৰমেন কলিতা,বিশিষ্ট সাহিত্যিক অৰুন দাস,ধমধমা আঞ্চলিক কলেজৰ অধ্যক্ষ গৌতম চন্দ্র দাসকে ধৰি ভালে সংখ্যক বিশিষ্ট শিক্ষাবিদ,সমাজকৰ্মী।
সামৰণি অনুষ্ঠানত অংশগ্ৰহন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসফল হোৱা ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাত কেনেকৈ সফল হ’ব পাৰি এই সন্দৰ্ভত বক্তব্য ৰাখে মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে বিশিষ্ট শিক্ষাবিদ সকলে।
আনহাতে বিনামুলীয়া পাঠদান কাৰ্য্যসূচীৰ জৰিয়তে পৰীক্ষাত অনুত্তীৰ্ন হোৱা পৰীক্ষাৰ্থীসকলক উৎসাহ জনোৱা “চেংনৈ-The Unity” গ্ৰুপক ধৱ্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্রী প্ৰমীলা ৰানী ব্ৰহ্মই লগতে ভবিষ্যৎ জীৱনটো এনে ধৰনৰ কাৰ্যসূচীৰ যোগেদি পৰীক্ষাত অনুত্তীৰ্ণ হৈ হতাশাত ভুগা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ দি যাবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close