অসমশীৰ্ষ

নাওবৈচাৰ বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দই

প্ৰথম খবৰ, লখিমপুৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে লখিমপুৰ জিলাৰ নাওবৈচাৰ দলহাট তিনিআলিত উপস্থিত হৈ শিঙৰা নৈৰ বান পৰিস্থিতিৰ বুজ লয়। লখিমপুৰ জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীলৈ বুধবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোনোৱালে সন্ধিয়া ৭.০৫ বজাত জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে নাওবৈচা ৰাজহ চক্ৰৰ শিঙৰা নৈৰ পাৰৰ দলহাট তিনিআলিত উপস্থিত হৈ প্ৰথমেই দলহাট ফুলবাৰী গড়কাপ্তানী পথৰ চিঙা অংশ পৰিদৰ্শন কৰাৰ লগতে দলহাট প্ৰাথমিক বিদ্যালয় আৰু বালিটিকা হাই মাদ্ৰাছাৰ আশ্ৰয় শিবিৰ দুটা পৰিদৰ্শন কৰি বৰ্নাত্যসকলৰ অৱস্থাৰ বুজ লয়। নাওবৈচাৰ বান পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে বানপানীত ক্ষতিগ্রস্ত আৰু গৃহহীন পৰিয়াল সমূহক উপযুক্ত ক্ষতিপূৰণ সহ সংস্থাপন দিয়াৰ আশ্বাস দিয়ে। ইপিনে শিঙৰা নৈৰ বানে তিনিবাৰকৈ দলহাট ফুলবাৰী গড়কাপ্তানী পথটি চিঙি বৃহত্তৰ নাওবৈছা অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰি অহাত জলসম্পদ বিভাগে কিয় ব্যৱস্থা নলয় বুলি সাংবাদিক আৰু বৰ্নাত্য ৰাইজৰ উপৰ্যুপৰি প্ৰশ্নবানৰ সন্মুখীন হ’বলগীয়া হয় মুখ্যমন্ত্ৰীগৰাকী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close