অসমশীৰ্ষ

পাণবাৰীত আমছুৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ

প্ৰথম খবৰ,পানবাৰী: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উদ্যোগত পাণবাৰী এল, পি মোক্তবত যোৱা ৪ জুলাইৰ পৰা আৰম্ভ হৈছে এক গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ। আমছুৰ নেতৃবৃন্দই জানিবলৈ দিয়া মতে এই পাঠদান  শিবিৰ গোটেই জুলাই মাহজুৰি চলিব আৰু শিবিৰটোত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক গণিত, বিজ্ঞান, ইংৰাজী আৰু অসমীয়া বিষয়ত পাঠদান কৰা হব। গুণগত শিক্ষাৰে শৈক্ষিক মান উন্নত কৰাৰ লক্ষ্যৰে আমছুৱে হাতত লোৱা এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে ইয়াত নাম পঞ্জীয়ন কৰি বিনামূলীয়া পাঠদানত অংশ গ্ৰহণ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে আমছুৰ নেতৃবৰ্গই। পানবাৰীত অনুষ্ঠিত আমছুৰ এই পদক্ষেপক অভিভাৱক সকলে শলাগ লয় আৰু সংগঠনটোৰ এনে পদক্ষেপে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে ইয়াৰ জৰিয়তে দুখীয়া অভিভাৱক সকলে কিছু হলেওঁ সকাহ পাব বুলি মন্তব্য কৰে একাংশ অভিভাৱকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close