অসম

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সপ্তম বাৰ্ষিক দুলাল কলিতা সোঁৱৰণি গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:পশ্চিম গুৱাহাটীৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান অভিনন্দন গোষ্ঠীয়ে যোৱা ষষ্ঠ বৰ্ষৰ দৰে এইবেলিও সপ্তম বাৰ্ষিক দুলাল কলিতা সোঁৱৰণি গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালা ভৰলুমুখ শান্তিপুৰস্হিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হব আৰু ইয়াত যোগদান কৰিব বিচৰা ইচ্ছুক সকলক ইতিমধ্যে পপত্ৰ দিবলৈ আৰম্ভণি কৰিছে আয়োজকসকলে। জানিবলৈ পোৱা মতে কৰ্মশালা খনিত অকল নাটকৰে প্ৰশিক্ষণ দিয়া নহয়,ইয়াত নৃত্য সাধাৰণ জ্ঞান ইত্যাদিৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ সেয়েহে ইচ্ছুক ব্যক্তিয়ে অহা ১৪ জুলাইৰ পৰা ২২ জুলাই ২০১৮ তাৰিখলৈ চলিব লগীয়া কৰ্মশালাত যোগদান কৰিব পাৰিব বুলি কৰ্মকৰ্তা সকলে জনাইছে৷ এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকিব এন এছ ডি ধাৰী কবি,নাট্যকাৰ, পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাস , অহিৰ ভৈৰৱ, মানস শৰ্মা,ফণী শৰ্মা,মৃণাল হালৈ আৰু বহুতো অভিজ্ঞ প্ৰশিক্ষক৷ এই কৰ্মশালাৰ সবিশেষ জানিবলৈ লগতে ইয়াত যোগদান কৰিবলৈ ৮৪৮৬২১৮২০১, ৮৬৩৮১১২৪২৮, ৭০০২৮৫২১০৫, ৮৬৩৮২৭২৭৪৭, ৯৮৫৯১২৮৫৭৮ মোৱাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি কৰ্মশালাৰ আয়োজক সকলে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close