অসমশীৰ্ষ

বটদ্ৰবাৰ বিধায়িকা অাঙুৰলতা ডেকাৰ প্ৰসংশনীয় পদক্ষেপ

প্ৰথম খবৰ, জাজৰি: ভাল মানুহ হবলৈ সাধনাৰ প্ৰয়োজন। বিদ্যালয়লৈ অাহি শিক্ষকৰ পৰা সকলো জ্ঞান অাহৰন কৰি দেশৰ সু-নাগৰিক হবলৈ ছাত্ৰ-ছাত্ৰী সকলে অপ্ৰান চেষ্টা কৰিব লাগে বুলি মন্তব্য আগবঢ়ালে বিধায়িকা অাঙুৰলতা ডেকাই। বটদ্ৰবা সমষ্টিৰ মৰিগাঁও জিলাৰ অন্তভূক্ত জাজৰি বড়িগাঁও, বেলতলৰ ৪৯ নং শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ অাৰ্থিক সাহাৰ্য্যৰে নিৰ্মান কৰিবলৈ লোৱা শ্ৰেণীকোঠাৰ কামৰ অাজি অানুষ্ঠানিকভাবে শুভাৰাম্ভ কৰে বিধায়িকা অাঙুৰলতাই। শতাধিক ৰাইজ তথা বিদ্যালয়ৰ শিক্ষক অাৰু অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অায়োজিত হোৱা এই সভাত বিধায়িকাগৰাকীয়ে নিজাববীয়াকৈ বিদ্যালয়খনৰ উন্নয়নৰ বাবে এক লাখ টকা সাহাৰ্য্য অাগবঢ়ায় আৰু অনাগত দিনত বিদ্যালয়খনৰ উন্নয়নৰ বাবে বিধায়িকা গৰাকীয়ে আৰু অাৰ্থিক সাহাৰ্য্য অাগবঢ়াব বুলি প্ৰকাশ কৰে। অানহাতে এই অনুষ্ঠান সামৰণি পৰাৰ পিছতে বিধায়িকাগৰাকী হঠাৎ উপস্থিত হয় বটদ্ৰৱাৰ মৰিগাঁও জিলাৰ অন্তৰ্ভূক্ত দলংঘাটস্থিত মহাত্মা গান্ধী অাদৰ্শ চিকিৎসালয়ত। যি সময়ত এই চিকিৎসালয়খনৰ ওপৰত গঞা ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ উৎত্থাপন হৈ অাহিছে আৰু ৰুগীসকলে চিকিৎসালয়ত গৈ চিকিৎসক নাপাই দুৰ্ভোগ ভুগিব লগীয়া হৈছে ঠিক সেইসময়তে হঠাৎ চিকিৎসালয়খনত প্ৰৱেশ কৰি বিধায়িকাগৰাকীয়ে চিকিৎসালয়ত ৰুগীৰ কাষত গৈ তেওঁলোকৰ অৱস্থাৰ বুজ লয় আৰু চিকিৎসালয়খনত যি অভাৱ-অভিযোগ অাছে সেই অভাৱ অতি সোনকালে পূৰন কৰাৰ আশ্বাস দিয়ে। আনহাতে এই হাস্পাতালখনত যি কেইজন ভাৰপাপ্ত চিকিৎসকে নিজৰ ময়মতালী প্ৰদৰ্শন কৰি আহিছে তেওঁলোকৰ ওপৰত এসপ্তাহৰ ভিতৰত উচিত ব্যৱস্থা গ্ৰহন কৰিব বুলি জানিবলৈ দিয়ে বিধায়িকা অাঙুুৰলতাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close