অসমশীৰ্ষ

বন্ধ হ’ল ফিল’বাৰী প্ৰবাহিত জলসিঞ্চন আঁচনি, কৃষক ৰাইজৰ মাজত হাহাকাৰ

ফিল’বাৰীৰ পৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: উজনি অসমৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ ফিল’বাৰী প্ৰবাহিত জলসিঞ্চন আচঁনিখনৰ পানীৰ দ্বাৰা ১৯৬৮ চনৰ পৰাই এই বৃহৎ অঞ্চলটোৰ কৃষক ৰাইজে শালি ধানৰ খেতি কৰি যথেষ্ট উপকৃত হৈছিল। এই ফিল’বাৰীস্থিত স্থানীয় নামহোলোং বিলত উৎপত্তি হোৱা ডুমডুমা নদীৰ মোহনাত পকীকৈ বান্ধদি নদীৰ পানী কৃত্ৰিমভাৱে বোৱাই নি ফিল’বাৰী অঞ্চলৰ ষোল্ল খন গাৱঁৰ ৰাইজক খেতিৰ বাবে পানী যোগান ধৰি সকাহ প্ৰদান কৰি অহা হৈছিল। ইফালে সম্প্ৰতি প্ৰায় দহ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল নলাৰে সমৃদ্ধ এই জলসিঞ্চন আঁচনিখনৰ পানীয়ে এই শুকান অঞ্চলটো জীপাল কৰি ৰখাত বিশেষ ভাবে অৰিহনা যোগাই আহিছিল। বিগত ২০০৮-০৯ বৰ্ষত ডুমডুমা নদীৰ মোহনlৰ পকী বান্ধটো প্ৰায় এককোটি টকা খৰছেৰে পুনঃনিৰ্মান কৰাৰ পিছত যোৱা বছৰৰ বাৰিষাত বান্ধৰ নামনি অংশ খহি পৰে আৰু এই বিষয় সন্দৰ্ভত চলিত বৰ্ষৰ আৰম্ভণিতে স্থানীয় ৰাইজে তিনিচুকীয়াস্থ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক অৱগত কৰিছিল যদিও বিষয়াগৰাকী এন আৰ চিৰ দ্বায়িত্বত থকাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহল। তদুপৰি মূল নলা সংযোগী শ্লুইজ গেট আৰু নলাৰ পাৰ সমূহৰো ভগ্নপ্ৰায় অৱস্থাৰ বাবে জলসিঞ্চন আঁচনি খনৰ মূল উদ্দেশ্য পানী যোগান ব্যৱস্থাটো এই বছৰ কাৰ্যত কৰিব পৰা নাই।

উল্লেখযোগ্য যে ,এই আঁচনিৰ অধীনত কৰ্মৰত প্ৰায় দহজন তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে বিগত এপ্ৰিল মাহত তেওঁলোকৰ পকেটৰ ধন খৰছ কৰি এই সুদীৰ্ঘ নলাটোৰ কিছু কিছু অংশ মেৰামতি কৰিছিল যদিও বিভাগৰ উপৰমহলৰ কোনো এজন বিষয়াৰ এবাৰলৈয়ো এই আচঁনিখন পৰিদৰ্শন কৰিবলৈ আহৰি নহ’ল। এই বিষয়ৰ প্ৰাপ্ত খবৰ অনুসৰি জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্য্যালয়ৰ পৰা বিধানসভাৰ বিগত বাজেট অধিবেশনৰ আগে আগে ফিল’বাৰী প্ৰবাহিত জলসিঞ্চন আঁচনিৰ উন্নয়নৰ বাবে প্ৰlককলন প্ৰস্তুতৰ নিৰ্দেশ দিছিল যদিও তিনিচুকীয়া সংমণ্ডল কাৰ্যালয়ে সময় অনুসৰি জমা নিদিয়াৰ ফলত চলিত বৰ্ষত কোনো ধন অlবন্টন নহ’ল।

মন কৰিবলগীয়া কথা যে ইয়াৰ ফলত বিভাগীয় লোকৰ অৱহেলাৰ বাবে জলসিঞ্চন আঁচনিৰ নলাত বৰ্তমানলৈকে পানী নহাত সমগ্ৰ ফিল’বাৰী অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ দেউৰী ছাত্ৰ সন্থাৰ সম্পাদক সুৰজিৎ দেউৰীয়ে অতি সোনকালে ইয়াক নিৰ্মাণৰ দাবী তোলাৰ লগতে ৰাইজে অনতিপলমে জলসিঞ্চন বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close