অসম

বানত উটি যোৱা কিশোৰক উদ্ধাৰ দুই সাহসী যুৱকৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ:ঢকুৱাখনাৰ বৰদৈবাম-বিলমুখ পথৰ চিগা অংশত গা-ধুই থাকোতে বাঢ়নী পানীৰ সোঁতে উটাই নিয়ে এটি শিশুক আজি কিছু সময়ৰ পূৰ্বে। সেই সময়ত পথেৰে গৈ থকা দুজন সাহসী যুৱকে তৎপৰতাৰে সাঁতুৰি গৈ উদ্ধাৰ কৰে অৱিনাশ(৯) চিন্তে নামৰ উটি যোৱা কিশোৰটিক। উদ্ধাৰ কৰা যুৱকদ্বয় হল-মনোজ চাওতাল (১৭)আৰু ৰাজু গড়(১৮),দুয়োৰে ঘৰ মাজি গাঁৱত। অৱিনাশৰ ঘৰ বিলমুখ চন্দপুৰত। পিতৃ:-মুকুট চিন্তে,আৰু
মাতৃ:-সূমিত্ৰা দলে চিন্তে। প্ৰশাসনক খবৰ দিয়াৰ পিছতো একো খবৰ লোৱা নোলোৱাৰ অভিযোগ উত্থাপন কৰিঠে প্ৰত্যক্ষদৰ্শীয়ে। বৰ্তমান কিশোৰটিক গোগামুখ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰি উন্নত চিকিৎসা কৰি থকা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close