অসমবিনোদন

বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

প্ৰথম খবৰ,নলবাৰী:নলবাৰীৰ পানীগাঁৱত আজি বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি কৰা হয়। ২১ তম বৰ্ষত উপনীত হোৱা বৰদৈচিলাৰ আখৰা গৃহ মুকলি কৰি নেম কেয়াৰ হস্পিটেলৰ পৰিচাল ন সঞ্চালক ডা: হিতেশ বৰুৱাই কয় যে এইবেলি নাটক,অভিনয় আদিৰ ক্ষেত্ৰত অভিনৱ সংযোজন ঘটা বৰদৈচিলা থিয়েটাৰে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব। নাট্যকাৰ ধ্ৰুৱ জ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত প্ৰযোজক নজৰুল ইছ লামে কয় যে ৰাইজৰ আশীৰ্বাদ লৈ বৰদৈচিলা ই এইবেলি ২১ তম নাট্য বৰ্ষত দৰ্শক ৰাইজক সুকীয়া বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব। আজিৰ আখৰা গৃহ মুকলি অনুষ্ঠানত আছুৰ উপ সভাপতি প্ৰদীপ দাস,সাংস্কৃতিক কৰ্মী অমিয় তালুকদাৰ,অভিনেতা ভাবেশ বৰুৱা আৰু মৃদুল ভূঞা ও উপস্থিত আছিল। উল্লেখযোগ্য গায়ত্ৰী মহন্ত,ভবেশ বৰুৱা,মৃদুল ভূঞাৰ সমাহাৰেৰে বৰদৈচিলা ই এইবেলি অভিজিত ভট্টাচাৰ্যৰ তিনিখন নাটক ক্ৰমে মন ময়ুৰীৰ সংসাৰ,দেউতা আৰু গৃহ লক্ষী নাট তিনিখন মঞ্চস্থ কৰিব।

Related Articles

Leave a Reply

Close