অসমশীৰ্ষ

বৰপেটাত যোগ প্ৰশিক্ষণ শিবিৰ

বৰপেটাৰপৰা ছফিক আহমেদ প্ৰথম খবৰ: বৰপেটাৰ এক স্বেচ্ছাসেৱী সংগঠন “আলোড়ন এক নতুনত্বৰ সৃষ্টি” বৰপেটাৰ উদ্যোগত অহা ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈকে ৰাতিপুৱা ৫.৩০ বজাৰ পৰা ৭ বজালৈ বৰপেটাতস্থিত মহেন্দ্ৰ মোহন চৌধুৰী উদ্যানত আয়োজন কৰা হৈছে এক যোগ প্ৰশিক্ষণ শিবিৰৰ। উল্লেখ্য যে উক্ত যোগ শিবিৰত অভিজ্ঞ যোগ শিক্ষকৰ দ্বাৰা পুৰুষ আৰু মহিলা উভয়কে পৃথকে পৃথকে যোগ শিক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আলোড়ন নামৰ সংগঠনটোৱে।
এই যোগ শিবিৰৰ বিষয়ে সবিশেষ জানিবলৈ ৯৭০৬০৯৩৮৪৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে যোগ শিবিৰৰ উদ্যোক্তাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close