অসমশীৰ্ষ

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাউলীত সূৰ্য্য থিয়েটাৰৰ আখৰা আৰম্ভ

প্ৰথম খবৰ,চেঙা: আৰম্ভ হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ বতৰ। মঙ্গলবাৰে মননশীল নাট্যসম্ভাৰেৰে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল সূৰ্য্য থিয়েটাৰে শুভাৰম্ভ কৰিলে ২০১৮-১৯ বৰ্ষৰ নাটৰ আখৰা। বিগত বছৰবোৰত ৰাইজৰ পৰা অভূতপূৰ্ব সমাদৰ বুটলিবলৈ সক্ষম হোৱা ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্যদল সূৰ্য্য থিয়েটাৰৰ সৰ্থেবাৰীৰ ৰাউলীস্থিত ৰূপালী পামত এই আখৰাৰ আৰম্ভ কৰে নাট্যদলটিয়ে। পূজা-অৰ্চনা, হোমযজ্ঞ, নাম-প্ৰসংগ আদি কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা নাট্য দলটিয়ে এইবেলি নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ কলিজা, মৰমৰ সদাগৰ আৰু এজনী বোৱাৰীৰ মৃত্যু নামৰ তিনিখন নাটকৰ নাট্যসম্ভাৰেৰে নাট্যপ্ৰেমী ৰাইজৰ ওচৰলৈ যোৱাৰ মানস কৰিছে।

উল্লেখ্য যে জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকন, অভিনেতা উৎপল দাসকে ধৰি কেইবাগৰাকী ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে এইবেলি অভিনয় কৰিছে সূৰ্য্য থিয়েটাৰৰ মঞ্চত। ব্যায়বহুল প্ৰযোজনাৰে সূৰ্য্য থিয়েটাৰে এইবাৰ দৰ্শকৰ ৰুচিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে তিনিখন মননশীল তথা হৃদয়স্পৰ্শী নাটক ৰাইজক উপহাৰ দিয়া বুলি জানিবলৈ দিয়াৰ লগতে দৰ্শকে এই নাট তিনিখন আঁকোৱালি লোৱাৰ আশা প্ৰকাশ কৰিছে সূৰ্য্য থিয়েটাৰৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close