অসমশীৰ্ষ

মন্ত্ৰী ভৱেশ কলিতাৰ উপস্থিতিত ‘দক্ষতাৰে সম্পূৰ্ণ স্বচ্ছতা’ শীৰ্ষক স্বচ্ছতা পষেকৰ সফল সামৰণি

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় জন শিক্ষন সংস্থাৰ কামৰূপ জিলা সমিতিয়ে যোৱা ১৬ জুলাইৰ পৰা আৰম্ভ কৰা ‘দক্ষতাৰে সম্পূৰ্ণ স্বচ্ছতা’ শীৰ্ষক স্বচ্ছতা পষেকৰ আজি সফল সামৰণি পৰে। বিগত ১৫ দিন ধৰি জিলা খনৰ ৰঙিয়া, বাইহাটা চাৰিআলি, বকো, ছয়গাওঁ, কমলপুৰ, বেজেৰা, নগৰবেৰা আদি অঞ্চলত স্বচ্ছতা সন্দৰ্ভত সজাগতা সভা, বাটৰ নাট, শোভাযাত্ৰা, কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ পিছত আজি ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সামৰণি অনুষ্ঠানত ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, জন শিক্ষন সংস্থাৰ সঞ্চালক মুনীন কাকতি, অধ্যক্ষ ডঃ দেবদত্ত বৰকটকী, পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ হেম চন্দ্ৰ ডেকা সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানটো পৰিচালনা কৰে ছবিন দাসে। সভাত মন্ত্ৰী কলিতাই স্বচ্ছতাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাৰ ক্ষেত্ৰত দেশক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি আজিৰ এই সভাত ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই সকলোকে স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ হৈ এক সুস্থ আৰু নিৰোগী পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close