অসমশীৰ্ষ

মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত বিদ্যুৎস্পৃষ্ট হৈ অসমৰ পাঁচ শ্ৰমিকৰ মৃত্যু

প্ৰথম খবৰ, হাটছিঙিমাৰী: বুধবাৰে চুবৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত পথৰ কাম কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটিলে অসমৰ পাঁচ গৰাকীকৈ শ্ৰমিকে৷ উল্লেখযোগ্য যে বুধবাৰে দিনৰ ভাগত উত্তৰ গাৰো পাহাৰৰ মেন্দি পথাৰ থানাৰ অন্তৰ্গত মানিকগঞ্জ মিয়াপাৰা গাঁওত কেইবাজন শ্ৰমিকে পথৰ কামৰ বাবে চিমেণ্টৰ মিক্সাৰ মেচিনেৰে মছলা তৈয়াৰ কৰি থকা অৱস্থাতে ১১ হেজাৰ ভল্ট’ৰ তাৰ ছিগি শ্ৰমিককেইগৰাকীৰ ওপৰত পৰে আৰু শ্ৰমিক কেইজনে মৃত্যুক আকোৱালী লয়৷ মৃত শ্ৰমিক কেইগৰাকীৰ ভিতৰত চাৰি গৰাকী হৈছে অসমৰ বঙাইগাঁও জিলাৰ আৰু আন এগৰাকী হৈছে মেঘালয়ৰ। মৃত অসমৰ শ্ৰমিক কেইজন হৈছে জয়নাল উদ্দীন(৩৫), চান মিয়া(৩৬), আশ্ৰফ আলি(৩৫) আৰু ছানোৱাৰ ৰহমান(২৭)। আনহাতে মেঘালয়ৰ আনজন শ্ৰমিক হৈছে উত্তৰ গাৰো পাহাৰ জিলাৰ মেন্দিপথাৰৰ দ্বীপেন ৰাভা৷

Related Articles

Leave a Reply

Close