অসম

যিকোনো মূহুৰ্ততে চিগিব পাৰে ভীমপৰা কৃষিবান্ধ

প্ৰথম খবৰ,ঢকুৱাখনা: ঘিলামৰা উন্নয়ন খণ্ডৰ অধিনৰ মৰনৈ পঞ্চায়তৰ ঢকুৱাখনা-ঘুণাসুতি পথৰ কাষৰ ভীমপৰা চিগাৰ কৃষিবান্ধত কঢ়া নৈৰ তীব্ৰ খহনীয়াই কালৰূপ লৈছে।যিকোনো মূহুৰ্ততে সেয়ে চিগি যাব পাৰে কঢ়ানদীৰ পাৰৰ নৱনিৰ্মিত ভীমপৰা কৃষিবান্ধটো। বৰ্তমান খহনীয়া চলি থকখ অংশত এটা গছৰ ডাল দিয়ে ঠিকাদাৰে খহনীয়া ৰোধৰ চেষ্টা কৰিছে।এনেকৈ বন্ধ নহয় খহনীয়াৰ প্ৰকোপ।উল্লেখ্য যে বান্ধটোত পূৰ্বে দুঠাইত খহনীয়া হৈছিল যদিও তাত গছৰ ডাল,বাহৰ স্পাৰ ভালকৈ দিয়াত খহনীয়া অলপ ৰৈছে যদিও সুৰক্ষিত নহয় এতিয়াও বান্ধটোৰ ভৱিষ্যত। বৰষুণ হৈ থাকিল কোমল মাটিৰ এইটো কৃষিবান্ধ চিগি যোৱাৰ আশংকা প্ৰৱল।অন্যহাতে কৃষিবান্ধটোৰ তলেৰে পানীৰ সোঁতো নিগৰি থকাত শংকিত হৈছে অঞ্চলৰল ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close