অসম

লখিমপুৰত ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আয়কৰ বিভাগৰ মহিলা কৰ্মচাৰী

প্ৰথম খবৰ,লখিমপু: আয়কৰ বিভাগৰ কৰ ৰেহাইৰ প্ৰমাণ পত্ৰ যোগান ধৰাৰ নামত পাঁচ হাজাৰ টকা উৎকোচ লৈ আজি লখিমপুৰত আয়কৰ বিভাগৰ এগৰাকী মহিলা কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা গ্ৰেপ্তাৰ হ’ব লগা হোৱা ঘটনা এটাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লখিমপুৰ আৰক্ষীৰ খবৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ দলে গ্ৰেপ্তাৰ কৰা মহিলা গৰাকী হৈছে নাওবৈছা আৰক্ষী চকীৰ অন্তৰ্গত লথৌ যোৰহাটীয়াৰ ৰূপালী দাস ভূঞা ওৰফে জানমণি দাস। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আয়কৰ বিভাগৰ লখিমপুৰ কাৰ্য্যালয়ৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী গৰাকীয়ে ঢলপুৰৰ তন্ময় দত্ত নামৰ যুৱক জনৰ পৰা কৰ ৰেহাইৰ প্ৰমাণ পত্ৰ এখন উলিয়াই দিয়াৰ নামত দহ হাজাৰ টকা দাবী কৰে। যুৱক জনে সমস্ত ঘটনাটো লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিংক অৱগত কৰাত আৰক্ষী অধীক্ষক গৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাক যোগান ধৰা খবৰৰ ভিত্তিত আজি দুপৰীয়া ১১ বজাত গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ আঠ জনীয়া এটা দলে আয়কৰ বিভাগৰ কাৰ্যালয়ত ৰূপালীয়ে যুৱক জনৰ পৰা প্ৰথম কিস্তিৰ পাঁচ হাজাৰ টকা লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে। গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ আঠ জনীয়া দলটোক লখিমপুৰ আৰক্ষীৰ হৈ সহযোগ কৰে লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close