অসম

লখিমপুৰত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ অভিনৱ প্ৰতিবাদ

প্ৰথম খবৰ,লখিমপুৰ: লখিমপুৰ জিলাৰ ১১১ নং উত্তৰ লখিমপুৰ সমষ্টিৰ বিধায়ক গৰাকীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই সাধাৰণ যাতায়ত যোগাযোগৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰাত বিধায়ক গৰাকীৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰিছে তেলাহী কমলাবৰীয়া অঞ্চলৰ ৰাইজ। বৃহত্তৰ তেলাহী কমলাবৰীয়া অঞ্চলৰ জ্বলন্ত সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীৰ নিৰ্লিপ্ত ভূমিকাৰ প্ৰতিবাদত তথা বিধায়ক গৰাকীৰ নিদ্ৰাভঙ্গৰ কামনাৰে আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসমৰ পানীগাঁও আঞ্চলিক সমিতিয়ে লখিমপুৰ জিলা সমিতিৰ সহযোগত কমলাবাৰী পথৰ বাপখাট তিনিআলিত পথ অৱৰোধেৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ ভালেসংখ্যক পুৰুষ মহিলা আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰি ধূপ চাকি জ্বলাই দৈববাদ্য খোল,বৰতাল,নেগেৰা সহ হৰিনাম গাই বিধায়ক উৎপল দত্তৰ লগতে শাসনাধীষ্ঠিত বিজেপি চৰকাৰখনৰ সুমতি প্রার্থনা কৰে । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি উত্তৰ লখিমপুৰ নগৰৰ পৰা মাজুলী সংযোগী পথটি মেৰামতি অথবা পুনৰনিৰ্মাণ নকৰাত পথটি যাতায়তৰ অনুপযোগী হৈ পৰাৰ লগতে পথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ গাত সমূহে দৈনিক যাত্ৰী পথচাৰীৰ জীৱনলৈ তীব্র ভাবুকি সৃষ্টি কৰি আহিছে যদিও এইক্ষেত্ৰত বিধায়ক গৰাকীয়ে তিলমানো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ তেলাহী কমলাবৰীয়াবাসী ৰাইজ। দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈ,লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্ত,কাৰ্যকৰী সভাপতি ৰুবুল দত্ত,সম্পাদক পাপু দাস, উপ সভাপতি দেৱজিৎ নাথ, সহকাৰী সম্পাদক টিংকু দাস,পানীগাঁও আঞ্চলিক সমিতিৰ সভাপতি অখিল দাস,সম্পাদক অভিজিৎ দত্তকে ধৰি কেইবাগৰাকী জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে জৈনপুৰ অংশত ৰঙানদীৰ মথাউৰি নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, পানীগাঁও ৰাজ্যিক চিকিৎসালয়ত চৌব্বিশ ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ কৰা আৰু বান ক্ষতিগ্রস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াকে আদি কৰি বিভিন্ন দাবীৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close