অসম

লখিমপুৰত শব্দ-চৰৈৱতিৰ সুগন্ধি পখিলাৰ কবিক স্মৰণ

প্ৰথম খবৰ,লখিমপুৰ: জটিল প্ৰতীক আৰু দুৰ্বোধ্য চিত্ৰকল্পৰ ব্যৱহাৰে এসময়ত অসমীয়া আধুনিক কবিতাক সাধাৰণ জনতাৰ পৰা আঁতৰাই নিছিল। কবিতা পৰিণত হৈছিল পণ্ডিতৰ গৱেষণাৰ বিষয় বস্তুত। সাধাৰণ পাঠকে কবিতা বুলিলেই নাক কোচাইছিল। বিদ্বানজনৰ ড্ৰইং ৰূমৰ কাৰ্পেটত বিচৰণ কৰা গণবিচ্ছিন্ন প্ৰায় কবিতাক কাৰ্পেটৰ পৰা ঘাঁহনিলৈ নমাই আনি কবিতাক পুনৰ জনপ্ৰিয় কৰি তুলিছিল  জনতাৰ কবি হীৰুদাই। মানুহে কবিতা পুনৰ ভালপাবলৈ আৰম্ভ কৰিছিল হীৰুদাৰ কবিতাৰ জৰিয়তে। আজি লখিমপুৰৰ ৰঙাজান শংকৰপুৰ হাৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত সুগন্ধি পখিলাৰ কবি হিৰুদাৰ ষষ্ঠ মৃত্যু তিথি উপলক্ষে অনুষ্ঠিত গীত,মাত,কবিতা,সংলাপৰ এক বৰ্ণিল অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যৰ কবিতা সম্পৰ্কে এনেদৰে মন্তব্য আগবঢ়ায় প্ৰতিষ্ঠিত কবি অশ্বিনী কলিতাই। কাব্য চৰ্চাৰ অনুষ্ঠান শব্দ আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰুদাৰ মৃত্যু তিথি উপলক্ষে আজি ৰঙাজান শঙ্কৰপুৰ নামঘৰ বাকৰিত এক বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন হয়। প্ৰতি বছৰৰ দৰে অনুষ্ঠিত হোৱা কবি স্মৰণ শীৰ্ষক এই অনুষ্ঠানটোৰ আঁত ধৰে শব্দৰ সম্পাদক বুবুল হাজৰিকা আৰু চৰৈৱতিৰ সম্পাদক কল্যাণী চক্ৰৱৰ্তী গগৈয়ে। প্ৰণিতা টাইডৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে হীৰেণ ভট্টাচাৰ্য্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যৰ্পণ কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ সেনাপতি, লখিমপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আঁৰতি গোহাঁই দুৱৰা আৰু পোনাৰাম গন্ধিয়াই। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতিচাৰণ কৰি বক্তব্য আগবঢ়ায় ঘূণাসুঁতিৰ কবি যোগেন টাইড, লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা চাজাদ হুছেইন, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী বিজ্ঞানগুৰু উমা তামুলী, চৰৈৱতিৰ মুখ্য সম্পাদক বিপিন কুমাৰ বৰা আদিয়ে। অনুষ্ঠানটোত হীৰেণ ভট্টাচাৰ্যৰ “আমোল মোল শেৱালিৰ গোন্ধ” শীৰ্ষক গীতটো পৰিবেশন কৰি স্তম্ভ লেখক তথা কবি, শিল্পী, সাহিত্যিক বিপিন শইকীয়াই প্ৰেমৰ সম্পৰ্কে ইমান সাৱলীল ভাৱে প্ৰকাশ কৰিব পৰা শ্ৰুতিমধুৰ সংগীত নাই বুলি মন্তব্য কৰে। কল্যাণী চক্ৰৱৰ্তী গগৈৰ ৰচনা আৰু পৰিচালনাৰে কবিতাৰ আলেখ্য পৰিবেশন কৰে কল্যাণী চক্ৰৱৰ্তী গগৈ, নাজলিনা আলম, বিজয়া তামুলী গগৈ, মাধুৰীমা দত্তই। উক্ত অনুষ্ঠানতে সুমন দত্তৰ “স্মৃতিৰ সৈতে কথোপকথন” শীৰ্ষক উপন্যাস উন্মোচন কৰে কবি দিলীপ কুমাৰ গগৈয়ে। শংকৰপুৰ গাঁৱৰ মহিলা সকলৰ দিহানাম,ফিলিপ নানৱাৰৰ তত্বৱধানত জুনুবস্তিৰ ঝুমুৰ দলে পৰিবেশন কৰা ঝুমুৰ নৃত্য, ৰিমঝিম হাজৰিকাৰ নমামি ব্ৰহ্মপুত্ৰ শীৰ্ষক গীতত পৰিবেশন কৰা নৃত্য, বিজয়া তামুলী গগৈয়ে পৰিবেশন কৰা হীৰেণ ভট্টাচাৰ্যৰ গীত, দিব্যাংগ শিল্পী জোনা কাঠৰ গীত, প্ৰিয়ংকা দত্তই পৰিবেশন কৰা দশৱতাৰ নৃত্যই গীত, মাত, কবিতা, সংলাপৰ বহুৰঙী অনুষ্ঠানটি অধিক উপভোগ্য কৰি তোলে। অনুষ্ঠানত কবিতা পাঠ কৰে মেঘৰাম পায়েং,জিতেন নৰহ, ত্ৰিৰঞ্জণ টাইড, চন্দ্ৰকান্ত বৰা, পোনাৰাম গন্ধিয়া, লাবণ্য ফুকন, বিনীতা শইকীয়া ভূঞা, ভাৰত দাস, প্ৰতিমা মেধি,হাচিনা মমতাজ (নগাঁও),আঁৰতি গোহাঁই দুৱৰা, তীৰ্থ দাস,অশ্বিনী কলিতা,পূৰ্ণিমা ৰাজখোৱা,দিব্যজ্যোতি বৰুৱা,সুনন্দ সোনোৱাল, দিলীপ কুমাৰ গগৈ, জলিল আহমেদ, জাকিৰ হুছেইন, নিভা গগৈ, পৰশমণি হাজৰিকা, পার্থপ্ৰতীম শৰ্মা, ৰত্নেশ্বৰ গগৈ, জয়ন্ত কাকতি, ৰমেন গন্ধিয়া, খগেন  মিলি, বিপুল শইকীয়া, জিতেন বৰুৱা, ডাঃ সৌৰভ কুমাৰ বৰুৱা, ধনদা বৰুৱা, সঞ্জীৱ উপাধ্যায়, মুকুট গগৈ, সুমন দত্তকে ধৰি ভালেসংখ্যক নবীন প্ৰবীণ কবিয়ে। অনুষ্ঠানত অনুভব ব্যক্ত কৰে দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শশীধৰ দেউৰী, বাওঁপন্থী আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, সমাজকৰ্মী দীপু হাজৰিকা আদিয়ে। আয়োজক সমিতিৰ সভাপতি চন্দ্ৰকান্ত বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত আয়োজক সমিতিৰ সম্পাদক বোধেন হাজৰিকা সহ অঞ্চলটোৰ ভালেসংখ্যক পুৰুষ মহিলাই বিশেষ ভাৱে সহযোগিতা আগবঢ়োৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাব্যপ্ৰেমী শিল্পী সাহিত্যিক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close