অসম

লিডু কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি

প্ৰথম খবৰ,লিডু: ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লিডু কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী সমাৰোহ আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱ। আজি লিডু কেন্দ্ৰীয় নামঘৰত শতাধিক ধৰ্ম প্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এখনি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কি দৰে উদযাপন কৰা হব এই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। পাছত লোকনাথ কোৱঁৰক সভাপতি,পুস্প গগৈ,কুমুদ গোঁহাই ধীৰাজ সোণোৱাল দীপক চেতিয়া,ভাস্কৰ দে,ৰাতুল ফুকন,তৰুণ গগৈ, জীৱন শইকীয়া,দুলেন চন্দ্ৰ ভূঞা,অতুল চন্দ্ৰ বৰুৱা,বীণা বৰুৱা,নিৰু গগৈক উপ সভাপতি,ডম্বৰুধৰ নেওগক কাৰ্যকৰী সভাপতি,ৰাণাজ্যোতি নেওগক মুখ্য সাধাৰণ সম্পাদক,তপন দে,কাঞ্চন বৰাক সাধাৰণ সম্পাদক,সন্জ্ঞীৱ চেতিয়া আৰু সুখদেৱ শৰ্মাক যুটীয়া সম্পাদক উৎপল কোঁৱৰ,বিজু গগৈ,কৰবী গগৈ,অনীলা ফুকন,শ্যামল নেওগ,প্ৰণৱ ঢেকীয়াল ফুকন, অভিজিত চাংমাইক সহকাৰী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।

অন্যহাতে সোণালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত অংশগ্ৰহণ কৰি বিশিষ্ট নাগৰিক হিতেশ্বৰ বৰগোঁহাই অমূল্য কুমাৰ বৰুৱা সোমেশ্বৰ নেওগ ভদ্ৰ বৰঠাকুৰ ভাস্কৰ দে আদিৰ লগতে স্থানীয় নামঘৰ সমূহৰ প্ৰতিনিধি হৈ ক্ৰমে লক্ষ্যধৰ চৌধুৰী,দুলেন চন্দ্ৰ ভূঞা অতুল চন্দ্ৰ বৰুৱা আদিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। উক্ত সভাত দুখন নাট ভাওনা মঞ্চস্থ আৰু এখন ভাওনা আমন্ত্ৰণ কৰাৰ লগতে সদৌ অসমভিত্তিত দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সভাতে বিভিন্নজনে এক লক্ষ টকাতকৈ অধিক আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। গুৰুত্বপূৰ্ণ কথা এখন ভাওনাৰ সমুদায় ব্যয় বহন কৰিব স্বৰ্গীয় বাবুলাল প্ৰসাদৰ সোঁৱৰণত পুত্ৰ গোবিন্দ প্ৰসাদে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close