
তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: শোনিতপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সহযোগত ডেৰশ বছৰীয়া ঐতিহ্য গৰকা মিলনপুৰ চুবুৰী মজলীয়া বিদ্যালয়ত আজিৰ পৰা অনুষ্ঠিত হয় এক গ্ৰীষ্মকালিন প্ৰশিক্ষণ কৰ্মশালা। অসম সাহিত্য সভাৰ আহ্বান মৰ্মে অনুষ্ঠিত এই কৰ্মশালা আনুষ্ঠানিক ভাবে মুকলি কৰে অসম সাহিত্য সভাৰ আজীৱন সদস্য অৰুন বৰাই। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত এই কৰ্মশালা শুভ উদ্বোধনী অনুষ্ঠানৰ আগ ধৰে উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি কামেশ্বৰ দাসে। শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক গজেন নাথ, জিলা সাহিত্য সভাৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া, সহ:সম্পাদক অপুৰ্ব বৰাকে ধৰি উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়া নয়নমনি শইকীয়া আৰু নৰেন শইকীয়া উপস্থিত থকা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুবাই প্ৰশিক্ষকৰ ভাষণ প্ৰদান কৰে। এই কৰ্মশালাত বিভিন্ন অভিভাৱককে ধৰি ভালেসংখ্য়ক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।