অসমশীৰ্ষ

সুগন্ধি পখিলাৰ কবিৰ ওপজা দিনত সহধৰ্মিনীৰ চৰকাৰলৈ অনুৰোধ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন। ১৯৩২ চনৰ আজিৰ এই দিনটোতে যোৰহাটত জন্মগ্ৰহণ কৰিছিল প্ৰেম আৰু মানৱতাৰ সুগন্ধ বিয়োপোৱা কবিগৰাকীয়ে। সাহিত্য একাডেমী বঁটাবিজয়ী কবিগৰাকীৰ জন্ম দিনটোত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুণমুগ্ধ আৰু কাব্য অনুৰাগীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে কবিগৰাকীক। নিজৰ সৃষ্টিশীল সাহিত্য কৰ্মৰ বাবে সাহিত্য একাডেমীৰ উপৰিও ‘অসম উপত্যকা সাহিত্য বঁটা’, ‘বিষ্ণুৰাভা বঁটা’, ‘ৰাজাজী পুৰস্কাৰ’ আৰু ‘চোভিয়েট দেশ নেহেৰু বটা’ আদি লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী মানৱপ্ৰেমী কবিয়ে। অসমীয়া সাহিত্য জগতত অনবদ্য অৱদান আগবঢ়াই ২০১২ চনৰ ৪ জুলাইত শেষ নিশ্বাস ত্যাগ কৰা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজিৰ এই ওপোজা দিনটোতে প্ৰয়াত কবিগৰাকীৰ সহধৰ্মিনীয়ে চৰকাৰলৈ জনায় এটি আহ্বান। এই আহ্বান অনুসৰি কবিগৰাকীৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰাখিবলৈ তেখেতৰ নামত পথৰ নামকৰণ কৰাৰ লগতে কবিগৰাকীৰ সৃষ্টিৰাজীক সংৰক্ষণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে কবিগৰাকীৰ সহধৰ্মিনীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close