অসম

হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত সাংস্কৃতিক কৰ্মশালা

প্ৰথম খৱৰ, জাজৰি: গুৰুজনাৰ বাদ্য খোল তালৰ শব্দৰে মুখৰিত হ’ল শংকৰদেৱ চিত্ৰকলা বিদ্যালয়। শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচোঙৰ উদ্যোগত সংস্কাৰ ভাৰতীৰ সহযোগত ১ জুলাই দেওবাৰৰ পৰা আৰম্ভ হোৱা দিহা নাম,নৃত্য, গীত,বাদ্য পৰিৱেশনৰ কৰ্মশালাটি ৮  জুলাই দেওবাৰে সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত শিশু সকলে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সাংস্কৃতিক অনুষ্ঠানৰ সভাখনিত সভাপতিত্ব কৰে পূৰ্ণ বেজবৰুৱাই, ডা: জয়শ্ৰী পাঠকে উদ্বোধন কৰা অনুষ্ঠানত উপষ্ঠিত থাকে প্ৰতাপ সভাপণ্ডিত, সমাজ সেৱক মিহিৰ ভূঁঞা, ৰাতুল কন্দলী, বিশিষ্ট অতিথি ৰূপে উপষ্ঠিত থাকে দ্বীপেন পাঠক। অনুষ্ঠানত শিশুসকলে বিভিন্ন নৃত্য পৰিবেশন কৰে, আৰু ছাত্ৰ সকলে জোৰা পৰিৱেশন কৰে লগতে প্ৰশিক্ষন প্ৰাপ্ত ছাত্ৰ সকলৰ দ্বাৰা সুন্দৰ দিহা নাম পৰিবেশিত হয়। চিত্ৰকলা বিদ্যালয়খনৰ সম্পাদক অজিত বৰাই অাঁত ধৰা অনুষ্ঠানটিত শতাধিক ৰাইজ উপষ্ঠিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close