অসমশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

হিমা দাসৰ সাফল্যত গৌৰৱাম্বিত সমগ্ৰ দেশ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: অসম কন্যা হিমা দাসৰ সাফল্যত এতিয়া সমগ্ৰ অসমৰ লগতে ভাৰতৰ্ষত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ৷ ফিনলেণ্ডত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ্ব বিশ্ব এথলেটিকছৰ ৪০০ মিটাৰ দৌৰত হিমা দাসে স্বৰ্ণ জয় কৰাৰ পিছতে হিমা দাসৰ নগাঁৱৰ বাসগৃহত তেওঁৰ পৰিয়ালবৰ্গই আনন্দত আত্মহাৰা হোৱাৰ লগতে সমূহ অসমবাসী ৰাইজ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শুভেচ্ছা জনাইছে হিমা দাসক৷ ইফালে হিমা দাসৰ কৃতিত্বত ভাৰতীয় ক্ৰিকেট দলৰ ভগৱান সদৃশ শচীন তেণ্ডুলকাৰে টুইটযোগে হিমা দাসক শুভেচ্ছা জনাই এয়া নতুন যুগৰ আৰম্ভণি আৰু এতিয়াও হিমা দাসৰ দৰে বহু খেলুৱৈ আহিবলৈ বাকী আছে বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে ভাৰতীয় দলৰ ক্ৰিকেট খেলুৱৈ ৰোহিত শৰ্মাইও হিমা দাসক জ্ঞাপন কৰিছে অভিনন্দন৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close