অসমশীৰ্ষ

হৰিশিঙাত যুৱতী সৰবৰাহকাৰী সন্দেহত গ্ৰেপ্তাৰ তিনি অৰুণাচলী যুৱক

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: বৃহস্পতিবাৰে হৰিশিঙাৰ ধিপাবস্তী অঞ্চলৰ পৰা দুগৰাকী কিশোৰী অৰুণাচললৈ নিবলৈ ওলাওতেই এছ এছ বিৰ হাতত আটক হয় তিনিজনকৈ অৰুণাচলী যুৱক। যুৱক কেইজন হ’ল অৰুনাচলৰ খালাকটাঙৰ নাবচাং দৰ্জী, থুপটেন দৰ্জী আৰু পেম টেচেৰিং। এই যুৱক তিনিজনৰ লগতে যুৱক কেইজনক অসমলৈ লৈ অনা শনিৰাম চৰেন নামৰ আন এজন যুৱককো আটক কৰে এছ এছ বিয়ে। এছ এছ বিয়ে আটক কৰা আটকাধীন এই ৪ যুৱকৰ লগতে দুগৰাকী যুৱতীক পিছত হৰিশিঙা থানাত চমজাই দিয়ে এছ এছ বিৰ দলটিয়ে। উল্লেখ্য যে অভিযুক্ত এই যুৱক কেইজনে এইসমূহ ঘটনাৰ কথা অস্বীকাৰ কৰি কয় যে ছোৱালী কেইজনীক তেওঁলোকে ঘৰত কাম কৰাৰ বাবেহে স্থানীয় যুৱক শনিৰামৰ সহায়েৰে অৰুণাচললৈ নিব ওলাইছিল। ইফালে পিছত থানাত কিশোৰী এগৰাকীৰ পিতৃ উপস্থিত হৈ কামৰ বাবেহে নিজৰ ছোৱালীক অৰুণাচললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে যদিও ১৪ বছৰৰ তলৰ ছোৱালীক কামৰ বাবে প্ৰেৰণ কৰাটো আইনমতে দণ্ডনীয় বুলি বিবেচিত হোৱাত এই ঘটনা সন্দৰ্ভত হৰিশিঙা আৰক্ষী থানাই অব্যাহত ৰাখে তদন্ত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close