অসমশীৰ্ষ

১১ জুলাইত শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ শুভ নাট্যাৰম্ভ

প্ৰথম খবৰ, শিমলুগুৰি: অহা ১১ জুলাইত শিৱসাগৰ জিলাৰ হাঁ‌হচৰা কুজিবালিৰ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ স্থায়ী শিবিৰত মাংগলিক কাৰ্য্যসূচীৰে নাট্যদলটিৰ ২৬ তম নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ ক’ৰা হব। তদুপলক্ষে ১১ জুলাইত সমূহ কলা -কুশলী স্থানীয় ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ পৰিয়ালবৰ্গই। ২৬ তম নাট্যবৰ্ষৰ বাবে নাট্যদলটিয়ে ইতিমধ্যে তিনিখনকৈ নাটক বাছি উলিয়াইছে। এই নাটক তিনিখনৰ ভিতৰত আছে সাংবাদিক নাট্যকাৰ ৰাজদ্বীপৰ দ্বাৰা ৰচিত দুখন নাটক ক্ৰমে “বাপুকণ জিন্দাবাদ” আৰু “বংশমৰ্যাদা” আৰু চম্পক শৰ্মাৰ দ্বাৰা ৰচিত “বৰবাদ”। অহা ১১ জুলাইৰ পৰা তিনিওখন নাটকৰে আখৰা আৰম্ভ হব বুলি জানিবলৈ দিছে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ পৰিয়ালবৰ্গই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close