আন্তঃৰাষ্ট্ৰীয়শীৰ্ষৰাষ্ট্ৰীয়

২০১৮ ফুটবল বিশ্বকাপত কোনে লাভ কৰিলে গ’ল্ডেন বল আৰু গ’ল্ডেন বুট

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: অৱশেষত ফ্ৰান্সে দখল কৰিবলৈ সক্ষম হ’ল ২০১৮ বৰ্ষৰ ৰাছিয়াত অনুষ্ঠিত হোৱা ফিফা ফুটবল বিশ্বকাপ৷ দেওবাৰে ৰাছিয়াৰ লুঝনিকি ষ্টেডিয়ামত অনুষ্ঠিত ফিফা ফুটবল বিশ্বকাপৰ ফাইনেল খেলখনত ক্ৰৱেছিয়াক ৪-২ গ’লত পৰাস্ত কৰি ২০ বছৰৰ পিছত দ্বিতীয়বাৰলৈ বিশ্বকাপৰ খিতাপ দখল কৰিলে ফ্ৰান্সে৷

২০১৮ বৰ্ষৰ এই ফিফা ফুটবল বিশ্বকাপত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰি গ’ল্ডেন বল লাভ কৰিলে ক্ৰৱেচিয়াৰ লুকা মদ্ৰিছ আৰু সৰ্বাধিক ৬টা গ’ল কৰি গ’ল্ডেন বুট লাভ কৰিলে ইংলেণ্ডৰ হেৰী কেনেই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close