অসমশীৰ্ষ

৩১ডিচেম্বৰত প্রকাশ পাব চূড়ান্ত নাগৰিকপঞ্জী, কেন্দ্রীয় গৃহমন্ত্ৰালয়ৰ ঘোষণা  

নিউজ ডেস্ক, প্ৰথম খবৰ: ৩০ জুলাইত এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ পিছত অহা ৩১ ডিচেম্বৰত এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰে। যোৱা ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰথমখন আংশিক খচৰা আৰু ৩০ জুলাইত দ্বিতীয়খন খচৰা প্ৰকাশৰ পিছত আগন্তুক দুমাহৰ ভিতৰত ৰাইজৰ সকলো ওজৰ-আপত্তি সমাপ্ত কৰি অহা ৩১ ডিচেম্বৰত চূড়ান্ত এন আৰ চি প্ৰকাশ সংক্ৰান্তত ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ হৈ সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰে এক জাননী। দেশৰ মহাপঞ্জীয়ক ড০ শৈলেশে সোমবাৰে এক অধিসূচনাযোগে ভাৰত চৰকাৰে অহা ৩১ ডিচেম্বৰৰ ভিতৰত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰাটো বিচৰাৰ কথা উল্লেখ কৰে।

 

Related Articles

Leave a Reply

Close