অসমশীৰ্ষ

ৰঙিয়াত ‘ইণ্ডিয়ান আইডল’ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন

নিউজ ডেস্ক, প্ৰথম খবৰ: দেশৰ সংগীতৰ “ৰিয়েলিটী শ্বো” ৰ ক্ষেত্ৰত খলকনি সৃষ্টি কৰি জনপ্ৰিয়তাৰ চূড়ান্ত শিখৰত উপনীত হোৱা ‘ইণ্ডিয়ান আইডল’ৰ পৰৱৰ্তী প্ৰশিক্ষণ প্ৰতিষ্ঠান আজি ৰঙিয়াত উদ্বোধন কৰা হয়। উদ্বোধন কৰে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা প্ৰশিক্ষক জেপি দাসে। এই উদ্বোধনী অনুষ্ঠানত কন্ঠশিল্পী পুলক বৰুৱা সহ গুৱাহাটীৰ কেইবাগৰাকী শিল্পীৰ উপৰিও ৰঙিয়াৰ বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। উল্লেখ্য যে ‘ইণ্ডিয়ান আইডল’ৰ তত্বাৱধানত কলকাতা আৰু গুৱাহাটীত আৰম্ভ কৰা শাস্ত্ৰীয় সঙ্গীতৰ পৰৱৰ্তী প্ৰশিক্ষণ কেন্দ্ৰ ‘ইণ্ডিয়ান আইডল একাডেমী’ ৰঙিয়াৰ কেন্দ্ৰটোত অহা ১২ আগষ্টৰ পৰা প্ৰতি দেওবাৰে নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি একাডেমীৰ ৰঙিয়াৰ কেন্দ্ৰৰ দ্বায়িত্বত থকা প্ৰতিভাৱান কন্ঠশিল্পী তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী দেৱাঞ্জনা বৈশ্যই জানিবলৈ দিয়ে। এই কেন্দ্ৰত মূলত কনিষ্ঠ সকলৰ বাবে শাস্ত্ৰীয় সংগীত আৰু জ্যেষ্ঠ সকলৰ বাবে সংগীতৰ বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰা হব।

Related Articles

Leave a Reply

Close