অসম

ৰঙিয়াত বিজেপিত যোগদান কাৰ্যসূচী

প্ৰথম খবৰ,ৰঙিয়া:ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ উদ্যোগত,ৰঙিয়া ব্লক মণ্ডল আৰু নগৰ মণ্ডলৰ সহযোগত আজি ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী উপলক্ষে বিজেপিত যোগদান কাৰ্যসূচী গ্ৰহণ কৰে। এই যোগদান কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জন উপাধ্যায়,ৰঙিয়া জিলা সমিতিৰ বিষয়ববীয়া বিদ্যুত ডেকা আৰু তৰুণ দাসৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উপসভাপতি দ্বীপদৰ্ষন ভৰদ্বাজ,যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়া পৌৰসভাৰ উপ পৌৰপতি সঞ্জীৱ কলিতা,পাৰ্থ সাৰথি দাস আদিকে ধৰি প্ৰায় পঞ্চাশ গৰাকী বিভিন্ন দলৰ বিষয়ববীয়াই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত আমন্ত্ৰিত অতিথিৰ আসন গ্ৰহণ কৰে মঙ্গলদৈ লোকসভা সমষ্টি সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা,অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰাজ্যিক সাধাৰণ সম্পাদক ভৱেশ কলিতাৰ, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক খনিন্দ্ৰ নাথ শৰ্মা, উত্তৰ কামৰূপ জিলাৰ সভাপতি ৰমেশ ডেকা, সাধাৰণ সম্পাদক দিলীপ শইকীয়া,সুবল পাল, ৰঙিয়া পৌৰসভাৰ পৌৰপতি সীমা বৈশ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য তথা ৰঙিয়া জিলাৰ উপ প্ৰভাৰী ৰুমী গোস্বামী, সদস্যা সুৰভি লহকৰ, প্ৰশিক্ষণ কোষৰ আহ্বায়ক ব্ৰজেন কুমাৰ দাস, যুৱ মৰ্চাৰ সভাপতি মনোজ কুমাৰ কলিতা, বিজেপিৰ সক্ৰিয় কৰ্মী উত্তম পাল,মহিলা মৰ্চাৰ চিপ্লা দাস, গয়াৰাণী ডেকা, অঞ্জুমা বেগমৰ লগতে বিজেপিৰ ৰাজ্যিক পৰ্য্যায়ৰ ভালেসংখ্যক বিষয়ববীয়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close