অসমশীৰ্ষ

ৰঙিয়াত লোমহৰ্ষক হত্যাকাণ্ড

প্ৰথম খবৰ, ৰঙিয়া: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশক কেন্দ্ৰ সমগ্ৰ ৰঙিয়া চহৰত উত্তেজনা অব্যাহত থকাৰ সময়তে ৰঙিয়া চহৰৰ সমীপৰ বিহাপাৰাত সোমবাৰে আবেলি সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে বিহাপাৰাৰ আনছাৰ আলী(৩৫) নামৰ এজন লোকক ডেগাৰেৰে ঘপিয়াই হত্যা কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি আনছাৰ আলী নামৰ লোকজনে সোমবাৰে আবেলি গাঁৱৰে আন এজন যুৱক জান মহম্মদ আলীৰ সৈতে গ্লেমাৰ মটৰ চাইকেলেৰে ৰঙিয়া চহৰলৈ আহি আছিল৷ ঘৰৰ পৰা কিছুদূৰ অহাৰ পিছতে আনছাৰ আলী আৰু সহযোগী যুৱকজনক এজন যুৱকে হাতেৰে সংকেত দি ৰখায়৷ এনে সময়তে পূৰ্বৰ পৰা ঘটনাস্থলীত খাপপিটি থকা দুজন যুৱক পিছফালৰ পৰা আহি তেওঁলোকৰ কাষত ৰয়। যুৱক দুজনে ততাতৈয়াকৈ বাইকৰ পৰা নামে আৰু এজনে অতৰ্কিতে এখন ডেগাৰ উলিয়াই আনছাৰ আলীক উপৰ্যুপৰি আক্ৰমন কৰি তেওঁৰ ডিঙি আৰু বুকুত ডেগাৰ সোমাই দিয়ে। লগে লগে আনছাৰ আলী মটৰ চাইকেলৰ পৰা তেজেৰে লুতুৰি পুতুৰি হৈ বাগৰি পৰে আৰু ঘটনাস্থলীতে তেওঁ ছটফটাবলৈ ধৰে আৰু মূহুৰ্তৰ ভিতৰতে অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হয়। আনছাৰ আলীৰ ঘাতকে তেওঁক গুৰুতৰ ভাৱে আহত কৰি সংকট জনক অৱস্থাত পেলাই থৈ নিৰ্বিঘ্নে পলায়ন কৰাৰ পাছতেই লগৰীয়া জান মহম্মদ আলীয়ে মৰনক শৰন দি আনছাৰ আলীক মুমূৰ্ষু অৱস্থাত ৰঙিয়া পলিক্লিনিকত লৈ আহে। অৱশ্যে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই লোমহৰ্ষক হত্যাকান্ডৰ সৈতে ওচৰৰ গাওঁ এখনৰ তিনিজন যুৱক জড়িত থকা বুলি তীব্ৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে বিহাপাৰা গাৱঁত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল৷ প্ৰণিধানযোগ্য যে বিহাপাৰাৰ এই আনছাৰ আলীৰ অভিযোগৰ ভিত্তিতে অলপতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ৰঙিয়াৰ কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ দত্তক উৎকোচ গ্ৰহণ কৰোতে হাতেলোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰিছিল৷ অকল সেয়াই নহয় উৎকোচ কাণ্ডৰ লগত জৰিত থকাৰ অভিযোগত গোলাম নবি আজাদ নামৰ আন এজন মধ্যস্থতাকাৰীকো দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আনছাৰ আলীৰ এই হত্যাকান্ডৰ সৈতে পৰোক্ষভাৱে হলেও উক্ত ঘটনাৰ সম্পৰ্ক থকা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে৷ সম্প্ৰতি অভিযুক্ত তিনি হত্যাকাৰী পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে  হত্যাকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close