অসমশীৰ্ষ

ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট স্থাপন হ’বই, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী 

প্ৰথম খবৰ, নলবাৰী: ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে হতাশ হোৱাৰ প্ৰয়োজন নাই৷ ৰাজ্য চৰকাৰে দক্ষতা বিকাশৰ জৰিয়তে ৰাজ্যত শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা আৰম্ভ কৰিছে৷ প্ৰতি বছৰে দক্ষতা বিকাশৰ অধীনত একলাখ শিক্ষিত নিৱনুবা যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হব৷ এই মন্তব্য অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য,পৰিবহন, নিয়োগ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷ শুক্ৰবাৰে নলবাৰীৰ ধৰ্মপুৰৰ এক অনুষ্ঠানত অংশগ্ৰহন কৰি  স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ৰাজ্যত এতিয়া ঔদ্যোগীকৰণৰ বাতাবৰন আৰম্ভ হৈছে আৰু ইতিমধ্যে বিভিন্ন কোম্পানীয়ে ৰাজ্যত উদ্যোগ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে৷ আগন্তুক দুইবছৰৰ ভিতৰত ৰাজ্যত নতুন ঔদ্যোগিক বাতাবৰনৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক ধৈৰ্য ধৰি থকাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে কয় যে চৰকাৰৰ দায়িত্ব গ্ৰহনৰ পিচতে সকলো কাম-কাজ নিশাৰ ভিতৰতে কৰা সম্ভৱ নহয়৷ বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ ৰাজকোষৰ অৱস্থা শোচনীয় কৰি যোৱাৰ বাবে বৰ্তমান আশা কৰা ধৰনে ৰাইজে পৰিবৰ্তন দেখা পোৱা নাই যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দুই বছৰীয়া কাৰ্যকালত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহৰে ৰাজভৰাল চহকী হৈছে৷ টনকিয়াল ৰাজভৰালেৰে ৰাজ্যত বৰ্তমান উন্নয়ন মুলক কামকাজ আৰম্ভ হোৱাৰ কথাও কয় মন্ত্ৰীগৰাকীয়ে৷ আনহাতে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমুহত টোলগেট স্থাপন হোৱাৰ কথা উল্লেখ কৰি ভাষনত মন্ত্ৰী পাটোৱাৰীয়ে প্ৰফেচনেল আন্দোলনকাৰীয়ে ৰাজ্যৰ উন্নয়ৰ হোৱাটো নিবিচাৰে বুলি কয়।

Related Articles

Leave a Reply

Close