অসমশীৰ্ষ

বেংকৰ পৰাই অগপ বিধায়কৰ ধন লুট, দিছপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিধায়ক উৎপল দত্তৰ দিছপুৰত থকা ষ্টেট বেংকৰ শাখাৰ পৰা নোহোৱা হ’ল ১৪.৫০ লাখ টকা। সাধাৰণ ডকাইতি বা চুৰিৰ ঘটনা নহয় এয়া৷ নেট বেংকিং আৰু এছ বি আই মোবাইল এপৰ জৰিয়তে এই টকা ট্ৰেন্সফাৰ কৰা হৈছে। আনকি একাউণ্টৰ পৰা ধন অন্তৰ্ধানক লৈ দিছপুৰ থানাত গোচৰ তৰিছে বিধায়ক দত্তৰ পত্নীয়ে৷ বিগত ১৮ মে’ত আৰম্ভ হৈছিল এই ধন হৰলুকিৰ ষড়যন্ত্ৰ৷ বিধায়ক জনৰ ভুৱা স্বাক্ষৰৰ জৰিয়তে তেওঁৰ একাউন্টৰ বিপৰীতে থকা ম’বাইল নম্বৰ সলনিৰ বাবে আবেদন কৰিছিল বেংকত। ইয়াৰ পিছতে ১৯ মে’ৰপৰা বিধায়কজনৰ বেংক একাউন্টৰ বিপৰীতে নেট বেংকিং আৰু মোবাইল এপ ডাউনলোড কৰা হয়। তাৰ পিছত ২৪ মে’ৰপৰা আৰম্ভ হয় টকাৰ লেনদেন। কৌশলেৰে একাউণ্টৰ সৈতে যুক্ত ম’বাইল নম্বৰ সলনি কৰা বাবে বিধায়কে এই লেন দেনৰ একো খবৰেই পোৱা নাছিল৷ শুকুৰবাৰে বিধায়কজনৰ পত্নীয়ে টকা উঠাবলৈ বেংকলৈ যোৱাত কথাটো পোহৰলৈ আহে। ঘটনাটো সংক্ৰান্তত এক গোচৰ ৰুজু কৰা হৈছে  দিছপুৰ থানাত। ইতিমধ্যে আৰম্ভ কৰিছে অনুসন্ধান৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close